অসম

মঙলবাৰৰ পৰা মথুৰাপুৰত কেৱল কাল সংহতি সংঘৰ কেন্দ্ৰীয় অধিৱেশন আৰম্ভ, প্ৰতিনিধি, বাপ-বান্ধৱৰ উপস্থিতিত উদুলি-মুদুলি অধিৱেশন থলী

asomiyapratidin

ডিজিটেল সংবাদ, মথুৰাপুৰঃ মঙলবাৰৰ পৰা তিনিদিনীয়া বিস্তৃত কাৰ্যসূচীৰে চৰাইদেউ জিলাৰ মথুৰাপুৰত সদৌ অসম কেৱল কাল সংহতি সংঘৰ সপ্তম দ্বি বাৰ্ষিক অধিৱেশনখনি আৰম্ভ হৈছে৷ মথুৰাপুৰ ৰাজহুৱা খেলপথাৰত সাধু উমাকান্ত ৰাজকোঁৱৰ সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হোৱা কেন্দ্ৰীয় অধিৱেশনখনিলৈ ৰাজ্যৰ ১৯ জিলাৰ লগতে অৰুণাচল প্ৰদেশৰ পৰা অহা প্ৰতিনিধি, সাধু গুৰু, আই- মাতৃ, বাপ- বান্ধৱৰ সমাগমে অধিৱেশন থলী উদুলি- মুদুলি পৰিবেশ সৃষ্টি কৰিছে৷

কাৰ্যসূচী অনুসৰি পুৱা অসম কেৱল কাল সংহতি সংঘৰ সভাপতি শশী গগৈয়ে ধৰ্মধ্বজা উত্তোলনেৰে কাৰ্যসূচী শুভাৰম্ভ কৰা পিচতেই মুখ্য সম্পাদক অন্তত গগৈয়ে স্মৃতি তৰ্পণ, শিক্ষক দিপক ৰাজকোঁৱৰে খাদ্য আৰু প্ৰদৰ্শনী দ্বাৰ মুকলি কৰে৷ ইয়াৰ পিচতেই পৰ্যায় ক্ৰমে দিনৰ ১১ বজাত প্ৰতিনিধি নাম পঞ্জীয়ন আৰু প্ৰতিনিধি সভা অনুষ্ঠিত হ'য়৷

দুপৰীয়া ছাত্ৰ- ছাত্ৰীৰ মাজত বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত হ'ব৷ উল্লেখ্য যে, ২৩ জানুৱাৰী লৈ চলিব লগা এই অধিৱেশনখনিলৈ অসমৰ বিভিন্ন জিলা লগতে অৰুণাচল প্ৰদেশৰ পৰাও প্ৰায় এক লাখ ভক্ত সমাবেত হ'ব বুলি উদ্যোক্তাই জানিবলৈ দিছে৷ ইয়াৰ পূৰ্বে কেৱল কাল সংগতি সংঘৰ অধিৱেশন ক্ৰমে ধেমাজী বৰদলনিৰ নগাঁৱত ২০০৫ চনত, ঢকুৱাখনাত ২০০৮ চনত, ঘিলামৰাত ২০১১ চনত, শিৱসাগৰ থাওৰাত ২০১৪ চনত, ডিব্ৰুগড়ৰ তিলৈত ২০১৬ চনত আৰু মাজুলীৰ জেংৰাইমুখত ২০১৮ চনত অনুষ্ঠিত হৈ আহিছে৷