অসম

লকডাউনঃ কোৰোনাৰ বিৰুদ্ধে মথুৰাপুৰৰ গাওঁবাসীৰ অভিনৱ প্ৰচেষ্টা…

asomiyapratidin

ডিজিটেল সংবাদ, মথুৰাপুৰঃ চৰাইদেউ জিলাৰ মথুৰাপুৰ এখন গাৱঁৰ ৰাইজে লকডাউনৰ দ্বিতীয় দিনা হাতত লৈছে এক অভিনৱ পন্থা। ঘৰৰ ভিতৰতে আবদ্ধ হৈ কোৰোনা ভাইৰাছৰ বিৰুদ্ধে যুঁজ দিয়া সংকল্প লৈছে গাঁওবাসীয়ে ৷

বৰমথুৰাপুৰ ভকত গাৱঁলৈ প্ৰৱেশ কৰা মূল পথত ৰাইজে বাহ বান্ধি অচিনাকি ব্যক্তি সোমোৱা নিষিদ্ধ কৰিছে৷ লগতে আশে-পাশে থকা গাওঁ সমূহতো পৰিষ্কাৰ-পৰিচন্নতা অক্ষুণ্ণ ৰাখি এই সু-ব্যৱস্থা গঢ়ি তোলা আহ্বান জনাইছে গাওঁবাসীয়ে।