অসম

মথুৰাপুৰ এছ বি আইৰ এটিএম বিকল, সমস্যাৰ সন্মুখীন সৰ্বসাধাৰণ…

asomiyapratidin

ডিজিটেল সংবাদ, মথুৰাপুৰঃ চৰাইদেউ জিলাৰ মথুৰাপুৰৰ মাজমজিয়াত থকা ষ্টেট বেংক অৱ ইণ্ডিয়াৰ এ টি এমটো বিগত দুসপ্তাহ দিন ধৰি যান্ত্ৰিক বিজুতি বাবে অচল হৈ থকাত গ্ৰাহকৰ মাজত হাঁহাকাৰৰ সৃষ্টি হৈছে। বৃহত্তৰ অঞ্চলত সংস্থাপিত এটিএমটো বছৰৰ বেছি ভাগ দিনত বিকল হৈ থকাৰ বাবে সৰ্বসাধাৰণ ৰাইজে ভীষণ সমস্যাৰ সন্মুখীন হৈ আহিছে৷

বিশেষকৈ মথুৰাপুৰ অঞ্চলৰ লগতে নিমনাগড়, চুকাফা, এঙেৰা, চলাপথাৰ আৰু মাইবেলা আদি অঞ্চলৰ ৰাইজে সময় মতে টকা উলিয়াব নোৱাৰি হতাশ হোৱা পৰিলক্ষিত হৈছে। উল্লেখ্য যে, ২৪ ঘণ্টাই এটিএম সেৱা আগবঢ়োৱাৰ নামত বেংকসমূহে গ্ৰাহকৰ পৰা ধন লাভ কৰে যদিও উন্নত সুবিধা প্ৰদানৰ পৰা বেংকসমূহ ব্যৰ্থ হোৱা বুলি ক্ষুদ্ধ গ্ৰাহকসকলে অভিযোগ উত্থাপন কৰিছে। অতি শীঘ্ৰে মথুৰাপুৰৰ এ টি এমটো ব্যৱহাৰৰ উপযোগী কৰি তুলিবলৈ বিভিন্ন স্তৰৰ ৰাইজে দাবী তুলিছে।