অসম

মথুৰাপুৰত পথৰ দাঁতিত বাগৰিল তীব্ৰবেগী শিল ভৰ্তি ডাম্পাৰ

asomiyapratidin

ডিজিটেল সংবাদ, মথুৰাপুৰঃ বৃহস্পতিবাৰে পুৱা মথুৰাপুৰ আৰক্ষী থানাৰ কিছু নিলগত মথুৰাপুৰ ধোদৰ আলিত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় ৷ শিমলুগুৰি পৰা সোনাৰি দিশে আহি থকা অৱস্থাত নিয়ন্ত্ৰণহীন হৈ পথৰ দাঁতিত বাগৰি পৰে এখন ডাম্পাৰ।

এ.এছ.-০৪ এ.চি.-৫৭৫৪ নাম্বাৰৰ শিলভৰ্তি ডাম্পাৰখন নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত বাগৰি পৰে। অৱশ্যে দুৰ্ঘটনাটোত চালক গৰাকী কথমপি ৰক্ষা পৰে ৷ ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈছে স্থানীয় আৰক্ষীৰ লোক।