অসম

মাৰ্ঘেৰিটাত মাছ মাৰিবলৈ গৈ যুৱকৰ সলিল সমাধি, VIDEO

asomiyapratidin

ডিজিটেল সংবাদ, মাৰ্ঘেৰিটাঃ মাৰ্ঘেৰিটা আৰক্ষী থানাৰ অন্তৰ্গত লামা গাওঁস্থিত বুঢ়ীদিহিং নদীত চামচেশ ডাং নামৰ ৩৫ বছৰীয়া যুৱকৰ সলিল সমাধি ঘটে। সোমবাৰে বিয়লি সময়ত মাছ মাৰিবলৈ গৈ নদীত সলিল সমাধি ঘটে লামা গাৱঁৰ যুৱকজনৰ।

কাষতে মাছ মাৰি থকা কেইবাজন লোকেও এই দৃশ্য প্ৰত্যক্ষ কৰি উদ্ধাৰৰ চেষ্টা কৰে যদিও জীৱন্ত ৰূপত উদ্ধাৰ কৰিবলৈ সক্ষম নহয়। বহু সময়ৰ পাছত মৃত অৱস্থাত উদ্ধাৰ কৰা হয় যুৱকজনক।

সমগ্ৰ অঞ্চলজুৰি যুৱকজনৰ অকাল মৃত্যুক কেন্দ্ৰ কৰি শোকৰ ছা পৰা দেখিবলৈ পোৱা গৈছে। আৰক্ষী উপস্থিত হৈ প্ৰাথমিক তদন্ত আৰম্ভ কৰিছে।