অসম

মাৰ্ঘেৰিটাৰ আৰক্ষীৰ অভিযানত ড্ৰাগছসহ যুৱক গ্ৰেপ্তাৰ…

asomiyapratidin

ডিজিটেল সংবাদ মাৰ্ঘেৰিটাঃ ৰাজ্যত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান অব্যাহত আছে। বুধবাৰে মাৰ্ঘেৰিটা আৰক্ষীয়ে গোপন সূত্ৰৰ তথ্যৰ ভিত্তত মাৰ্ঘেৰিটাৰ ডিহিং চাহ বাগিচাৰ সমিপত ড্ৰাগছসহ ৰমজান হুচেইন নামৰ এটা ড্ৰাগছ ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। মাৰ্ঘেৰিটা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সোমেশ্বৰ কোঁ‌ৱৰৰ নেতৃত্বত আৰু উপ-পৰিদৰ্শক ৰাজশ্ৰী বুঢ়াগোঁ‌হাই সহযোগত মাৰ্ঘেৰিটা আৰক্ষীয়ে অভিযান চলাই ধৃত ৰমজানৰ বাসগৃহৰ পৰা অৰ্ধলক্ষাধিক ড্ৰাগছ, বুজন পৰিমাণৰ খালি কণ্টেনাৰ, চিৰিঞ্জ আদি জব্দ কৰিবলৈ সক্ষম হয়।

ধৃত হুচেইন পূৰ্বেও ড্ৰাগছ বেহাৰে জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ হৈ ৰঙা ঘৰৰ আলহী হৈছিল যদিও জেলৰ পৰা মুকলি হৈ পুনৰ এই নিষিদ্ধ বেহাত জড়িত হৈছিল। ফলত মাৰ্ঘেৰিটা আৰক্ষীয়ে গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত বুধবাৰে পুনৰ গ্ৰেপ্তাৰ কৰে ধৃত হুচেইনক। অন্যহাতে ধৃত হুচেইনৰ কেইবাজনো সহযোগীয়ে বৰ্তমানেও এই নিষিদ্ধ বেহা চলাই থকাৰ তথ্য পোৱা গৈছে।