margherita
margherita 
অসম

মাৰ্ঘেৰিটাত অসম দিৱস উদযাপন, টাই জনগোষ্ঠীয় নৃত্য-গীতৰ অনুষ্ঠান পৰিৱেশন

Asomiya Pratidin

ডিজিটেল সংবাদ, মাৰ্ঘেৰিটা :- টাই জনগোষ্ঠীৰ বিভিন্ন নৃত্য-গীতেৰে আজি মুখৰিত হ'ল মাৰ্ঘেৰিটা। মাৰ্ঘেৰিটাৰ বিভিন্ন সামাজিক সংগঠন আৰু স্থানীয় ৰাইজৰ উদোগত মাৰ্ঘেৰিটা টাউন হাইস্কুল প্ৰেক্ষাগৃহত ছ্যুকাফা দিৱস উপলক্ষে অনুষ্ঠিত হয় টাই জনগোষ্ঠীৰ নৃত্য- গীতৰ অনুষ্ঠান।

মাৰ্ঘেৰিটা ইক' পাৰ্কত পুৱা অসম দিৱস উপলক্ষে পতাকা উত্তোলন কৰে দেৱজিৎ বৰুৱাই। ছ্যুকাফাৰ প্ৰতিমূৰ্তিত বন্তি প্ৰজ্বলনৰ পাছতেই বানফি অনুষ্ঠান অনুষ্ঠিত হয় । উদযাপন সমিতিৰ সভাপতি দেৱজিৎ বৰুৱাৰ পৌৰহিত্যত টাউন হাইস্কুলৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় মুকলি সভাখনি। পবিত্ৰ বৰগোঁহাইয়ে আঁ‌ত ধৰা সভাখনত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ মুৰব্বী অধ্যাপক ড° ডম্বৰুধৰ নাথ নিদিষ্ট বক্তা লগতে বিশিষ্ট সাহিত্যিক বৰুণ বৰা, দেৱজিৎ তামুলী ,ভৰত চন্দ্ৰ নেওগ, জিলা সাংবাদিক সন্থাৰ সম্পাদক ৰাণাজ্যোতি নেওগ সহ বহু বিশিষ্ট ব্যক্তি অতিথি ৰূপে অংশগ্ৰহণ কৰে ।

চুকাফাৰ বিচক্ষণতা, আদৰ্শ, দৰ্শন তথা অসম আৰু অসমীয়াৰ প্ৰতি আগবঢ়োৱা অৱদানক ‘অসম দিৱস’ৰ পবিত্ৰ ক্ষণত সকলোৱে সোঁৱৰি ভাষণ প্ৰদান কৰে । দিৱস উপলক্ষে পবিত্ৰ বৰগোহাঞিৰ সম্পাদনাত প্ৰকাশিত স্মৃতিগ্ৰন্থখন টাই আহোম যুৱ পৰিষদৰ যুটীয়া সম্পাদক দেৱজিৎ তামুলীয়ে উন্মোচন কৰে ।

সভাত স্মৃতিগ্ৰন্থখনৰ পৃষ্ঠপোষক যুৱ ব্যৱসায়ী ৰূপম গগৈ আৰু দিৱসটি উদযাপনত বিশেষ সহযোগিতা আগবঢ়োৱা যুৱ সাংবাদিক মানস প্ৰতিম গগৈক উদযাপন সমিতিয়ে বিশেষভাৱে সম্বৰ্ধনা জনোৱাৰ লগতে সভাত অংশগ্ৰহণ কৰা সাংবাদিক তপন দে, শ্যামল নেওগ, মিঠুন বৰুৱা, বিকি দাস আদিক সম্বৰ্ধনা জনায় ।