road accident
road accident road accident
অসম

মাৰ্ঘেৰিটাত পথ দুৰ্ঘটনা! থিতাতে নিহত এজন চাহ-শ্ৰমিক...

Asomiya Pratidin

ডিজিটেল সংবাদ, মাৰ্ঘেৰিটা: মাৰ্ঘেৰিটা দিহিং চাহবাগিছাৰ সমীপত দেওবাৰে সন্ধিয়া সংঘটিত হয় এক পথ দুৰ্ঘটনা। দুৰ্ঘটনাত থিতাতে নিহত হয় এজন লোক। লোকজন চাহবাগিছাখনৰ কৰ্মচাৰী বুলি জানিব পৰা গৈছে।

চাহবাগিছাৰ পৰা শ্ৰমিক জনে নিজগৃহলৈ বুলি খোজকাঢ়ি গৈ থকা অৱস্থাত পাছফালৰ পৰা তীব্ৰ বেগত বাহনে খুন্দা মৰাৰ ফলত সংঘটিত হয় দুৰ্ঘটনাটো। এ এছ ২৩ জি ০৬৪৬ নম্বৰৰ অ'টখনে খুণ্ডা মাৰে নটেল ছত্ৰিয়া (৫৭) নামৰ লোকজনক। দিহিং চাহবাগিছাৰ অল্ড লাইনৰ নিবাসী আছিল নটেল ছত্ৰিয়া।

ঘটনাস্থলীত মাৰ্ঘেৰিটা আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। দুৰ্ঘটনা সংঘটিত কৰা অ'টখন আৰক্ষীয়ে জব্দ কৰিছে যদিও বৰ্তমান পলাটক অৱস্থাত আছে চালকজন। মাৰ্ঘেৰিটাত একাংশ অ'টচালকৰ মইমতালিৰ ফলত ইতিমধ্যে বহুকেইটা দুৰ্ঘটনা সংঘটিত হৈছে বুলি দাবী স্থানীয় ৰাইজৰ। তদুপৰি প্ৰায় সংখ্যক অ'ট চালকৰ উপযুক্ত নথিপত্ৰ নথকাকৈয়ে অ'ট চলাই অহাৰ অভিযোগ উত্থাপন হোৱাৰ লগতে অধিক যাত্ৰী অ'ট সমূহে কঢ়িয়াই যাত্ৰীৰ জীৱনলৈ ভাবুকি কঢ়িয়াই অনাৰো অভিযোগ উত্থাপন হয়। এইক্ষেত্ৰত নিয়ম অমান্য কৰা অ'ট সমূহক নাকী লগাবলৈ মাৰ্ঘেৰিটা আৰক্ষীক দাবী জনাইছে সচেতন মহলে।