অসম

মৰাণত দুষ্প্ৰাপ্য বনৰৌ উদ্ধাৰ

asomiyapratidin

ডিজিটেল সংবাদ, মৰাণঃ মৰাণৰ সমীপৰ টিফুক জজলী পুখুৰী গাঁৱত এটা দুষ্প্ৰাপ্য বনৰৌ উদ্ধাৰ কৰা হয়। গাঁওখনৰ মহেন গগৈ নামৰ এজন ব্যক্তিৰ ঘৰৰপৰা উদ্ধাৰ কৰা হয় বনৰৌটো।

লোকজনৰ বাৰীত কেইবাটাও কুকুৰে আক্ৰমণ কৰি ধকা অৱস্থাত উদ্ধাৰ কৰে দুষ্প্ৰাপ্য প্ৰাণীটোক। কুকুৰৰ আক্ৰমণৰ ফলত বনৰৌটো গুৰুতৰভাৱে আহত হয়।

বন বিভাগৰ লোকক খবৰ দিয়া হৈছে যদিও সময়ত বন বিভাগৰ লোক উপস্থিত নোহোৱাৰ অভিযোগ উত্থাপিত হৈছে।