গোলাঘাট জিলাত সম্পন্ন পঞ্চায়ত নিৰ্বাচনৰ ভোটগণনাঃ
- ১৭খন জিলা পৰিষদৰ সদস্যৰ আসনৰ ভিতৰত বিজেপিয়ে ৯খন আৰু কংগ্ৰেছে দখল কৰিছে ৮খন।
- ১০২টা পঞ্চায়ত সভাপতি পদৰ ভিতৰত বিজেপিয়ে ৪৫, কংগ্ৰেছে ৪০ আৰু অগপই ১৭টা দখল কৰিছে।
- আঞ্চলিক পঞ্চায়তৰ সদস্য পদত বিজেপিৰ ৪৮, কংগ্ৰেছৰ ৪১ আৰু অগপৰ ১৩গৰাকী প্ৰাৰ্থীৰ জয়লাভ।
গোৱালপাৰাৰ জিলাৰ ১৬খন জিলা পৰিষদৰ ফলাফল ঘোষণাঃ
- ৭ খনত কংগ্ৰেছ, ৩ খনত এ আই ইউ ডি এফ, ৩ খনত বিজেপি, এখনত ৰাভা হাচং যৌথ সংগ্ৰাম সমিতি আৰু ২খনত নিৰ্দলীয় প্ৰাৰ্থী জয়ী।
- কংগ্ৰেছে দখল কৰা জিলা পৰিষদসমূহ হ'ল ভাশানীপাৰা, চুনাৰী, কৃষ্ণাই, মাটিয়া, ৰংজুলি, আমবাৰী আৰু আগিয়া।
- বিজেপিৰ দখললৈ যোৱা জিলা পৰিষদসমূহ হ'ল ধূপধাৰা, কুশধোৱা আৰু বদাহপুৰ।
- আনহাতে, জলেশ্বৰ, টাকিমাৰী আৰু ৰাজমিতা জিলা পৰিষদ দখল কৰিছে এ আই ইউ ডি এফে।
- দ্বাৰকা জিলা পৰিষদ দখল কৰিছে ৰাভা হাচং যৌথ সংগ্ৰাম সমিতিয়ে।
- দদান আৰু শ্ৰী সূৰ্যগিৰি জিলা পৰিষদত নিৰ্দলীয় প্ৰাৰ্থীৰ জয়লাভ।
কাছাৰ জিলাত এইপৰ্যন্ত জিলা পৰিষদৰ ২৭খন আসনৰ ভিতৰতঃ
- বিজেপিয়ে ৮খন আৰু কংগ্ৰেছে লাভ কৰিছে ৬খন।
- বাকী আসনৰ ফলাফল ঘোষণা হ'বলৈ এতিয়াও বাকী।
- মুঠ ১৬২টা গাঁও পঞ্চায়তৰ সভাপতি পদৰ ভিতৰত বিজেপিয়ে ৫৬টা, কংগ্ৰেছে ৩৬টা, নিৰ্দলীয় প্ৰাৰ্থীয়ে দখল কৰিছে ৯টা পদ আৰু অন্যান্যই পাইছে এটা পদ।
- ১৬২টা আঞ্চলিক পঞ্চায়তৰ সদস্য পদৰ ৫৯টাত বিজেপি, ৩২টাত কংগ্ৰেছ আৰু ১০টাত নিৰ্দলীয় প্ৰাৰ্থীয়ে জয়লাভ কৰে।
- মুঠ ১৬২০টা গাঁও পঞ্চায়তৰ সদস্য পদৰ ভিতৰত এইপৰ্যন্ত বিজেপিয়ে ৪৫৩টা, কংগ্ৰেছে ৩৬২টা, অগপই ৬টা, এ আই ইউ ডি এফে ১০টা আৰু নিৰ্দলীয় প্ৰাৰ্থীয়ে ১৭২টা, অন্যান্যই ২টা দখল কৰিছে।
বটদ্ৰৱা সমষ্টিৰ ৮নং টুকটুকী জিলা পৰিষদৰ সদস্য পদত এ আই ইউ ডি এফ প্ৰাৰ্থীৰ জয়লাভ। জিলা পৰিষদৰ সদস্য হিচাপে নিৰ্বাচিত হৈছে গোলাম ৰাব্বানী।
নগাঁৱত জিলা পৰিষদৰ ১২খন আসনত বিজেপি।
- ১১খনত কংগ্ৰেছৰ জয়লাভ।
- অগপই তিনিখন আসন দখল কৰাৰ বিপৰীতে এ আই ইউ ডি এফে দখল কৰিছে তিনিখন জিলা পৰিষদ।