অসম

মানকাচৰৰ ভাৰত বাংলাদেশ সীমান্তত বৃহৎ পৰিমাণৰ নিচা জাতীয় টেবলেট উদ্ধাৰ…

asomiyapratidin

ডিজিটেল সংবাদ, দক্ষিণ শালমাৰাঃ মানকাচৰৰ ভাৰত বাংলাদেশ সীমান্তত বৃহৎ পৰিমাণৰ নিচা জাতীয় টেবলেট উদ্ধাৰ কৰিছে সীমান্ত আৰক্ষীয়ে। দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ ভাৰত বাংলাদেশ সীমান্তৰ দিয়াৰা বি এছ এফ কেম্প এলেকাৰ পৰা সোমবাৰে নিশা বি এছ এফ বাহিনীয়ে নিচা জাতীয় টেবলেটখিনি উদ্ধাৰ কৰি মানকাচৰ আৰক্ষীক গতাই দিয়ে।

উল্লেখযোগ্য যে মানকাচৰ থানা এলেকাৰ অধীনত থকা দিয়াৰা বি এছ এফ কেম্প এলেকাৰ কালাবাৰীৰ ভাৰত বাংলাদেশ সীমান্তত থকা কাঁইটীয়া তাৰৰ বেৰৰ ওপৰেদি দুৰ্বৃত্তই নিশা প্ৰায় ১০.৩০ বজাত নিচা জাতীয় টেবলেট দলিয়াই সৰবৰাহ কৰিবলৈ লওতেই ৬ নং বি এন বি এছ এফে সামগ্ৰী খিনি জব্দ কৰে যদিও দুৰ্বৃত্তৰ দলটো পলায় সাৰিবলৈ সক্ষম হয়।

মন কৰিবলগীয়া যে মানকাচৰৰ ভাৰত বাংলাদেশ সীমান্তৰ কাঁইটীয়া তাৰৰ বেৰৰ ওপৰেদি এটা চক্ৰই দীৰ্ঘ দিনৰ পৰা নিচা জাতীয় সামগ্ৰী গোপনে সৰবৰাহ কৰি অহা পৰিলক্ষিত হৈছে। অভিযোগ অনুসৰি বাংলাদেশৰ এটা চক্ৰই ভাৰতৰ এটা ড্ৰাগছ সৰবৰাহকাৰী চক্ৰৰ সৈতে জড়িত হৈ সীমান্তৰ কাঁইটীয়া তাৰৰ বেৰৰ ওপৰেদি নিচা জাতীয় সামগ্ৰী, ড্ৰাগছ, নকল টকা আদি সৰবৰাহ কৰি আহিছে।