অসম

মানকাচৰত নিৰ্বাচনী বতাহ, দলীয় বিসম্বাদ আৰু দল বাগৰা ৰাজনীতিৰ মাজতে শক্তিশালী নিৰ্দলীয় প্ৰাৰ্থী

asomiyapratidin

ডিজিটেল সংবাদ, দক্ষিণ শালমাৰাঃ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিলৰ পিছতেই দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ ২১টা মানকাচৰ সমষ্টিত নিৰ্বাচনী বতাহ ক্ৰমাৎ বৃদ্ধি পাই অহাৰ লগতে সমষ্টিটোৰ বিশেষকৈ ৩নং ফেকামাৰী জিলা পৰিষদত প্ৰায় প্ৰতিটো দলৰ মাজত টিকট বঞ্চিত প্ৰাৰ্থী সকলৰ মাজত বিসম্বাদৰ সৃষ্টি হৈ দল বাগৰা ৰাজনীতি আৰম্ভ হৈছে৷ যাৰ ফলত ফেকামাৰী জিলা পৰিষদত নিৰ্দলীয় প্ৰাৰ্থী হিচাপে থিয় দিয়া শেখ জেছমিনাৰা পাৰভিন (জুৰি)ৰ নাম চৰ্চিত হোৱা পৰিলক্ষিত হৈছে।

জানিব পৰা মতে, ফেকামাৰী গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতি আব্দুল জালিল চৰকাৰৰ জীয়েক তথা এটি ব্যক্তিগত খণ্ডৰ উচ্চ শিক্ষানুষ্ঠাৰ অসমীয়া বিভাগৰ প্ৰবক্তা জুৰিক বিভিন্ন দলৰ পৰা টিকট দিয়াৰ বাবে দল সমূহে চেষ্টা চলাইছিল যদিও শেহতীয়াকৈ হাটশিঙিমাৰী চুপাৰ মাৰ্কেটত দোকানৰ ভূমি আবন্টনৰ বাবে প্ৰায় প্ৰতিটো ৰাজনৈতিক দলে জিলা প্ৰশাসনৰ লগত গোপন বুজাবুজিৰে লাখ লাখ টকাৰ বিনিময়ত ভূমি আবন্টনৰ দিয়াৰ বিৰোধীতা কৰা নিৰ্দলীয় প্ৰাৰ্থী গৰাকী দলৰ টিকটক প্ৰত্যাহ্বান জনাই নিৰ্দলীয় প্ৰাৰ্থী হিচাপে অৱতীৰ্ণ হৈছে।

মন কৰিবলগীয়া বিষয়টো এয়া যে, প্ৰাৰ্থী গৰাকীৰ পিতৃ জলিল সৰকাৰ দুবাৰকৈ ফেকামাৰী গাঁও পঞ্চায়তৰ পৰা সভাপতি আৰু আঞ্চলিক পঞ্চায়তৰ সদস্য হিচাপে নিৰ্বাচিত হৈ দুৰ্নীতিৰ বিৰুদ্ধে আন্দোলন কৰিবলৈ গৈ কিছুদিন পূৰ্বে জেললৈ যাব লগীয়া হৈছিল। ১৪ জনীয়া প্ৰতিবাদকাৰীক বিজেপি সৰকাৰৰ জিলা প্ৰশাসনে এইদৰে গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰাৰ পাছতো দুৰ্নীতিৰ বিৰুদ্ধে অটল থকা পঞ্চায়তৰ প্ৰাক্তন সভাপতি জলিল সৰকাৰেও পুনৰবাৰ নিৰ্দলীয় প্ৰাৰ্থী হিচাপে থিয় দিছে এইবাৰৰ পঞ্চায়ত নিৰ্বাচনত।

অৰ্থাৎ ৩নং ফেকামাৰী জিলা পৰিষদৰ পৰা কন্যা জুৰিয়ে নিৰ্দলীয় প্ৰাৰ্থী হিচাপে মনোনয়ন পত্ৰ দাখিল কৰাৰ লগতে পিতৃ জলিল সৰকাৰে ২২নং ফেকামাৰী গাঁও পঞ্চায়ত সভাপতি হিচাপে মনোনয়ন পত্ৰ দাখিল কৰিছে। একেটা পৰিয়ালৰ পৰা পিতৃ-কন্যাই এইবাৰ দুটা বেলেগ বেলেগ পদৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰা ঘটনাই জিলাবাসীৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে।

আনফালে, ২নং কালাপানী জিলা পৰিষদ এলেকাত আৰ এছ খানৰ ভাতৃ নেকিবুৰ জামান খান (মনু খান)-এ কংগ্ৰেছ দলৰ পৰা মনোনয়ন পত্ৰ দাখিল কৰে। ইয়াৰ পূৰ্বেও মনু খানৰ পত্নী তানজিনা খানে ধুবুৰী জিলা পৰিষদৰ সভানেত্ৰী হিচাপে জয়ী হৈছিল। এইবেলি দক্ষিণ শালমাৰা-মানকাচৰ জিলাত নতুন জিলা পৰিষদ অৰ্থাৎ দক্ষিণ শালমাৰা-মানকাচৰ জিলা পৰিষদ গঠন হোৱাত নতুন জিলা পৰিষদৰ সভাপতি হোৱাৰ বাবে আৰ এইচ খান আৰু মনু খান উঠি পৰি লাগিছে। ইফালে এইবাৰো আমিনুল ইছলামৰ পত্নী মেৰিনাৰ বিৰুদ্ধে মনু খানৰ শক্তিশালী ৰূপত অৱতীৰ্ণ হৈছে বুলি ৰাইজৰ মাজত চৰ্চিত হৈ আছে।