অসম

লকডাউনঃ ডিজেলৰ অভাৱত মানকাচৰৰ পথাৰত অচল পানী মেচিন, তেলৰ বাবে গাৰো পাহাৰলৈ গ’লেও গুলীৰ ভাবুকি

asomiyapratidin

ডিজিটেল সংবাদ, দক্ষিণ শালমাৰাঃ কোৰোনা ভাইৰাছৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে জনোৱা ২১ দিনীয়া লকডাউনৰ ফলত দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ কৃষক সকলে ডিজেলৰ অভাৱত পথাৰত পানী দিব পৰা নাই। সংবাদমাধ্যমত এই বাতৰি প্ৰকাশ পোৱাৰ পিছতে দেওবাৰৰ ভিতৰতে জিলা প্ৰশাসনে তিনি শতাধিক কৃষকক ডিজেল বিতৰণ কৰে। উল্লেখযোগ্য যে, এফালে কোৰোনা ভাইৰাছৰ আতংক আনফালে মেঘালয় চৰকাৰে ৰাজ্যখনত বহি ৰাজ্যৰ লোক নিষিদ্ধ ঘোষণা কৰি সীমান্ত ছীল কৰি দিয়াৰ পাছত মানকাচৰৰ কৃষক সকলৰ মাজত হাহাকাৰৰ সৃষ্টি হৈছে। কিয়নো দক্ষিণ শালমাৰা-মানকাচৰ জিলাত নাই এটাও তেলৰ ডিপু।

পূৰ্বে কৃষকসকলে অসম-মেঘালয় সীমান্তৱৰ্তী মেঘালয়ৰ পশ্চিম গাৰো পাহাৰ জিলাৰ পেট্ৰল পাম্পৰ পৰা ডিজেল সংগ্ৰহ কৰিছিল। কিন্তু বৰ্তমান লকডাউনৰ ফলত কৃষক সকলে মেঘালয়ত প্ৰৱেশ কৰিব পৰা নাই। ফলত কৃষকসকলে ডিজেল নোপোৱাত পথাৰত পানী দিব পৰা নাই। মানকাচৰৰ কৃষক সকলে এই সময়ত ইৰি ধানৰ খেতি কৰি বছৰটোৰ বাবে ঘৰত খাদ্যৰ যোগান ধৰে। কিন্তু ডিজেলৰ অভাবত পথাৰত পানী দিব নোৱাৰাৰ ফলত এতিয়া পথাৰত চিৰাল ফাট মেলিব ধৰিছে। ফলত ইৰি ধানৰ খেতিৰ অধিকাংশ ইতিমধ্যে নষ্ট হৈ পৰা পৰিলক্ষিত হৈছে।

এনে পৰিস্থিতৰ বাবে দেওবাৰে পুৱাৰ ভাগত প্ৰায় দুই শতাধিক কৃষকে চুবুৰীয়া ৰাজ্য মেঘালয়ৰ ডিপুলৈ চাইকেলযোগে গৈছিল যদিও মেঘালয়ৰ আৰক্ষীয়ে কৃষকসকলক বন্দুকেৰে গুলীওৱাৰ ভাবুকি দিয়াৰ অভিযোগ উত্থাপন কৰিছে। যাৰ ফলত দৌৰা-দৌৰিকৈ কৃষক সকলে পলাই আহিবলগীয়া হয়। ইযাৰ পাছতে কৃষক সকলে হাটশিঙিমাৰী জিলা উপায়ুক্তৰ কাষ চাপে যদিও জিলা প্ৰশাসনে বিষয়টো গুৰুত্ব নিদিয়া পৰিলক্ষিত হয়। কিন্তু উক্ত বিষয়টো একাংশ সংবাদ মাধ্যমত সম্প্ৰচাৰ হোৱাৰ পাছতে জিলা প্ৰশাসনে একেদিনাই বিয়লিৰ ভাগত কৃষক সকলক কৃষি বিভাগৰ জৰিয়তে ডিজেল দিবলৈ আৰম্ভ কৰে। দেওবাৰৰ দিনটোলৈ প্ৰায় তিনি শতাধিক কৃষকক ৫০০০ লিটাৰ ডিজেল চৰকাৰী মূল্যৰ বিনিময়ত বিতৰণ কৰে। ইয়াৰ পাছতে কৃষক সকলে কিছু পৰিমাণে হলেও সকাহ লাভ কৰি জিলা প্ৰশাসন আৰু সংবাদ মাধ্যমক ধন্যবাদ জ্ঞাপন কৰে।