mankachar
mankachar 
অসম

মানকাচৰৰ ভাৰত-বাংলাদেশ সীমান্তত ৰাষ্ট্ৰীয় একতা দিৱস পালন...

Asomiya Pratidin

প্ৰতিদিন সংবাদ, দক্ষিণ শালমাৰা : দেশৰ প্ৰথমগৰাকী গৃহমন্ত্ৰী তথা লৌহ মানৱ হিচাপে জনাজাত সৰ্দাৰ বল্লভ ভাই পেলেটলৰ জন্মজয়ন্তী উপলক্ষে সোমবাৰে দেশৰ বিভিন্ন প্ৰান্তত ৰাষ্ট্ৰীয় একাতা দিৱস পালন কৰা হয়। দক্ষিণ শালমাৰা-মানকাচৰৰ ভাৰত-বাংলাদেশ সীমান্ততো ৪৫ নং বেটেলিয়ান বিএছএফে আজি বিভিন্ন কাৰ্যসূচীৰে ৰাষ্ট্ৰীয় একতা দিৱস পালন কৰে।

সীমান্তৰ সঞ্চয় সাদু বিএছএফ কেম্পৰ বিএছএফ জোৱান সকলে কুকুৰমাৰা বিএছএফ কেম্পলৈ একতাৰ দৌৰ সম্পন্ন কৰে। সীমান্তৰ কাইটীয়া তাঁৰৰ বেৰৰ কাষেৰে বিএছএফ জোৱান সকলৰ লগতে স্থানীয় একাংশ যুৱকেই একতাৰ দৌৰত অংশগ্ৰহণ কৰে। বিএছএফৰ এই একতাৰ দৌৰ সম্পন্ন হোৱাৰ পাছত দিনৰ প্ৰায় ৯ বজাত এক বৃহৎ ছাইকেল ৰেলী উলিওৱা হয়।

দুই শতাধিক বিএছএফৰ মহিলা আৰু পুৰুষ জোৱানে এই ছাইকেল ৰেলীত অংশগ্ৰহণ কৰাৰ অন্তত সঞ্জয় সাদু বিএছএফ কেম্পত একত্ৰিত হৈ ৰাষ্ট্ৰীয় একতাৰ শপত পাঠ কৰে। আনহাতে জিলা প্ৰশাসনৰ উদ্যোগত হাটশিঙিমাৰী উপায়ুক্তৰ কাৰ্যালয়ত আজি পুৱা ৮ বজাত ৰাষ্ট্ৰীয় একতা দিৱস উপলক্ষে মাৰ্চপাৰ্চ অনুষ্ঠিত কৰা হয়। পুৱা ৮ বজাত সৰ্দাৰ বল্লভ ভাই পেলেটৰ প্ৰতিমূৰ্তিত বন্তি প্ৰজ্বলন কৰাৰ লগতে ৰাষ্ট্ৰীয় একতাৰ শপত পাঠ কৰা হয়।

ইয়াৰ পাছত জিলা আৰক্ষী প্ৰশাসনৰ ফালৰ পৰা ৰাষ্ট্ৰীয় একতাৰ দৌৰ অনুষ্ঠিত কৰা হয়। এই ৰাষ্ট্ৰীয় একতাৰ দৌৰত অসম আৰক্ষীৰ দক্ষিণ সংমণ্ডলৰ আই জি পি দিলীপ কুমাৰ দে, জিলা উপায়ুক্তা পল্লৱী সৰকাৰ আৰু আৰক্ষী অধীক্ষক সুবোধ কুমাৰ সোনোৱাল নেতৃত্ব দিয়ে।

তদুপৰি ৰাষ্ট্ৰীয় একতা দিৱস উপলক্ষে জিলাখনৰ বিভিন্ন শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰী, জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ বিষয়া-কৰ্মচাৰী সকলে ৰাষ্ট্ৰীয় একতাৰ দৌৰত পৃথকে পৃথকে অংশগ্ৰহণ কৰে।