অসম

মানকাচৰ মানুল্যাপাৰাত পথৰ দুৰৱস্থা, যাতায়াতত অসুবিধাৰ সন্মুখীন ৰাইজ…

asomiyapratidin

ডিজিটেল সংবাদ, মানকাচৰ : দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ কঠালবাৰীৰ এইচ এম ৰোডৰ পৰা ধানুৱালৈ যোৱা ৬ কিলোমিটাৰ পথৰ পুনৰ নিৰ্মাণৰ বাবে লোক নিৰ্মান বিভাগে এবছৰ পূৰ্বে প্ৰায় ৫ কোটি ৫৩ লাখ ৯৯ হেজাৰ টকা আবন্টন দিছিল।

যোৱা ২০২১ চনৰ ২৬ আগষ্ট তাৰিখে নিৰ্মাণ কামৰ শুভ উদ্বোধন কৰে মানকাচৰৰ বিধায়ক আমিনুল ইছলামে। বিমল কুমাৰ আগৰৱালা নামৰ বিভাগীয় ঠিকাদাৰ জনে লাভ কৰিছি কামৰ দায়িত্ব। কিন্তু লোক নিৰ্মান বিভাগৰ এইগৰাকী ঠিকাদাৰ বিমল কুমাৰ আগৰৱালা বিগত এটা বছৰে নিৰ্মাণৰ কাম অতি লেহেমীয়া গতিত কৰাৰ লগতে কামত দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগ উত্থাপন হৈছে।

বাৰিষাৰ দোহাই দি বৰ্তমানে নিৰ্মাণৰ কাম প্ৰায় ৬ মাহ ধৰি বন্ধ কৰি ৰাখিছে। ইতিমধ্যে ঠায়ে ঠায়ে সম্পন্ন কৰা পকী পথটোৰ চপৰা চপৰে উঠি যাবলৈ ধৰিছে। দায়িত্বহীন এই ঠিকাদাৰ জনৰ এনে কাণ্ডৰ ফলত প্ৰতিদিনে পথচাৰী জলাকলাত ভুগিবলগীয়া হৈছে।

মানুল্যাপাৰা বজাৰৰ হৈ যোৱা পথটোৰ আধা কিলোমিটাৰ দ-খাল সদৃশ হৈ পৰিছে। বিশেষকৈ বজাৰ খনত বৰষুণ হ'লেই পথটো বোকাময় হৈ পৰে। ফলত পথৰ দুয়ো পাৰে থকা দোকান সমূহত গ্ৰাহকৰ সংখ্যা দিনক দিনে কমি আহিবলৈ ধৰিছে। পথ নথকাৰ বাবে দোকানত গ্ৰাহক নহাত লোকচানৰ সম্মুখীন হৈছে ব্যৱসায়ী সকল।

দৈনিক প্ৰায় ২০ সহস্ৰাধিক লোক এই পথেৰে যাতায়াত কৰে। মেঘালয়ৰ লগতে পূৰ্বাঞ্চলৈ প্ৰায় প্ৰতিটো বাহন এই পথৰ ওপৰেদি আহ-যাহ কৰিবলগীয়া হয়। মানুল্যাপাৰা বজাৰৰ ওপৰত বোকাময় হৈ থকা এই পথটো অতি সোনকালে ঠিক কৰিবলৈ চৰকাৰ তথা বিভাগৰ ওচৰত ৰাইজে দাবী জনাইছে।