অসম

মঙলদৈত ভাষা আন্দোলনৰ শ্বহীদ সূৰ্য বড়াৰ মৃত্যদিৱস পালন..

asomiyapratidin

ডিজিটেল সংবাদ, মঙলদৈঃ অসম সাহিত্য সভাৰ মঙলদৈ আঞ্চলিক কাৰ্যালয়ত বুধবাৰে ভাষা আন্দোলনৰ শ্বহীদ সূৰ্য বড়াৰ মৃত্য দিবস অনুষ্টুপীয়া কৈ পালন কৰা হয় । অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক যাদব শৰ্মা ই পুস্পাজ্ঞলী অৰ্পণ কৰি অনুষ্ঠানটোত শ্বহীদ গৰাকীৰ জীৱন আৰু সংগ্ৰামৰ বিষয়ে আলোকপাত কৰে।

সাহিত্য সভাৰ সম্পাদক তথা মঙলদৈ আঞ্চলিক কাৰ্যালয়ৰ সম্পাদক দ্বীপেন্দ্ৰ নাৰায়ণ কোৱৰে আত ধৰা অনুষ্ঠানটোত সভাৰ আঞ্চলিক আহ্বায়ক ৰাণা আলম,ডা:মৃন্ময় কুমাৰ নাথ, কালিন্দ বৰুৱা, মানস জ্যোতি ৰাজবংশী, বিশিষ্ট সাংবাদিক দ্বীপেন বৰুৱা, প্ৰৱীন বৰুৱা,মুকুত ডেকা, দৰং জিলা সাহিত্য সভাৰ সম্পাদক গৌতমানন্দ গোস্বামী আদিয়ে অনুষ্ঠান টোত অংশ গ্ৰহণ কৰাৰ লগতে শ্বহীদ গৰাকীৰ প্ৰতিছবিত পুস্পাজ্ঞলী অৰ্পন কৰে।