অসম

মঙলদৈত ৰক্তদান শিবিৰঃ ১২০ গৰাকীকৈ ৰক্তদাতাই কৰিলে ৰক্তদান…

asomiyapratidin

ডিজিটেল সংবাদ, মঙলদৈঃ কোভিড-১৯ ভয়াবহতা আৰু দেশ যুৰি চলি থকা লক ডাউন ৰ মাজতে দেওবাৰে মঙলদৈত ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘ দৰঙৰ উদ্যোগত, বিশ্ব ধপাত বিৰোধী দিৱস উপলক্ষে নেচনেল মেডিকেল অৰ্গেনাইজেছন অসমৰ সহযোগত স্থানীয় মঙলদৈ সনাতন ধৰ্ম সভা প্ৰাঙ্গণত এটি ৰক্ত দান শিবিৰ অনুস্থিত হয়।

এই ৰক্ত দান শিবিৰত সহযোগ কৰে সেৱা ভাৰতী পূৰ্বাঞ্চলে । "ৰক্ত ধাৰা" নামেৰে অভিযান আৰম্ভ কৰা এই অভিযানত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু মঙলদৈ অসামৰিক চিকিৎসালয়ৰ ৰক্ত ভাণ্ডাৰৰ চিকিৎসক আৰু চিকিৎসা কৰ্মী সকলে ৰক্ত সংগ্ৰহ কৰে। এই ৰক্ত দান শিবিৰত দৰং জিলাৰ বিভিন্ন প্ৰান্তৰ প্ৰায় ১২০ গৰাকী ৰক্ত দাতাই ৰক্ত দান কৰা বুলি উদ্যোগতা সকলে জানিব দিয়ে।

কভিড ১৯ এই ভয়াবহতাৰ ফলত ৰক্ত ভঁৰাল বিলাকত ৰক্তৰ অভাৱ হোৱা পৰিলক্ষিত হৈছে। কিয়নো লক ডাউন, সামাজিক দূৰত্ব বজাই ৰখা আদিৰ পৰিপ্ৰেক্ষিতত লগতে ৰক্তদাতা সকল চিকিৎসালয়ত যাবলৈ ইচ্ছা নকৰা আদিৰ কাৰকৰ বাবে প্ৰায় বোৰ ৰক্ত ভঁৰালতে ৰক্তৰ নাটনি হোৱাটো স্বাভাৱিক। এনে সময়তে এই ৰক্ত দান শিবিৰে এটোপাল ৰক্তৰ বাবে দিকবিদিক হেৰুৱাই থকা ৰোগী আৰু ৰোগীৰ অভিভাৱকলৈ আশাৰ সঞ্চাৰ কঢ়িয়াই আনিছে।উদ্যোগতা সকলে ৰক্ত দাতা সকলক একোখন কৈ ফুলাম গামোচা আৰু এটিকৈ গছৰ পুলিৰে আদৰণি জনায়।