অসম

মঙলদৈত অসম জাতীয় পৰিষদৰ ৩ ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী…

asomiyapratidin

ডিজিটেল সংবাদ,মঙলদৈঃ অসম জাতীয় পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ আহ্বানত সমগ্ৰ অসমৰ লগতে দৰং জিলাতো বৃহস্পতি বাৰে সাম্প্ৰতিক লাইকা-দধিয়াবাসী ৰাইজক ন্যায় প্ৰদান কৰাৰ দাবী প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয়। ইয়াৰ লগতে তেওঁলোকে হৰি শংকৰ ব্ৰহ্ম কমিটিৰ প্ৰতিবেদন কাৰ্যকৰী কৰণ,বানপানী আৰু গৰাখহনীয়াৰ ওপৰত ৰাজ্য চৰকাৰে কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপিত কৰে।

প্ৰতিবাদকাৰী সকলে প্ৰতিবাদৰ অংশ হিচাপে অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে। মঙলদৈৰ নাট্য মন্দিৰৰ সন্মুখত হোৱা এই কাৰ্যসূচীত প্ৰায় শতাধিক জাতীয় পৰিষদৰ কৰ্মীয়ে অংশগ্ৰহণ কৰে।