অসম

মঙলদৈত ছাত্র সন্থাৰ বিনামূলীয়া নামভৰ্তি সহায়ক কেন্দ্র স্থাপন…

asomiyapratidin

ডিজিটেল সংবাদ, মঙলদৈঃ সদৌ অসম ছাত্ৰ সন্থাৰ অন্যতম শক্তিশালী গোট আন্তঃ মঙলদৈ ছাত্র সন্থা উদ্যোগত মঙলদৈ মহাবিদ্যালয় আছু গোট আৰু মঙলদৈ বানিজ্য মহাবিদ্যালয় আছু গোটৰ সহযোগত মঙলদৈ শ্বহীদ ভৱনত অনুষ্ঠিত হবলগা সহায়ক কেন্দ্র অহা ‌‍‌‌২৯ জুন ২০২০ তাৰিখৰ পৰা ১০ জুলাই ২০২০ তাৰিখলৈকে চলিব। দিনৰ ১১ বজাৰ পৰা ২ বজালৈ "নামভৰ্তি সহায়ক কেন্দ্ৰ"ত ২০২০-২১বৰ্ষৰ যিকোনো মহাবিদ্যালয়ৰ অনলাইন প্ৰ-পত্ৰ সকলো ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়াকৈ পূৰণ কৰি দিয়াৰ ব্যৱস্থা কৰা হৈছে বুলি জানিব দিয়ে আন্তঃমঙলদৈ ছাত্ৰ সন্থাৰ সভাপতি অজয় শইকীয়া আৰু
সাধাৰণ সম্পাদক সত্যৰঞ্জন ডেকাই।