অসম

মঙলদৈত যুৱ ছাত্ৰ পৰিষদৰ জোঁৰ সমদল…

asomiyapratidin

ডিজিটেল সংবাদ, মঙলদৈঃ অসম জাতীয়তাবাদী যুৱছাত্ৰ পৰিষদৰ দৰং জিলা সমিতিৰ উদ্যোগত বুধবাৰে সন্ধিয়া মঙলদৈত এক জোৰলৈ সমদল উলিয়াই । অসম জাতীয়তা বাদী যুৱছাত্ৰ পৰিষদে কেন্দ্ৰীয় ভাৱে অসমত 'কা' আইন কাৰ্যকৰীকৰণৰ বিৰোধিতা আৰু আন্তৰাজ্যিক পাৰপত্ৰ ব্যৱস্থা প্ৰৱৰ্তনৰ দাবীত মঙলদৈত সন্ধিয়া এই জোৰ লৈ সমদল উলিয়াই ।

সন্ধিয়া ৬.৩০ বজাত জিলা সাহিত্য সভা ভৱনৰ সন্মুখৰ পৰা আৰম্ভ কৰা জোৰ সমদলত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় কৰ্মকৰ্তা কমৰুল হক, ভবেশ কাকতিকে ধৰি অসম জাতিয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ জিলা সভাপতি সম্পাদক ৰ লগতে শতাধিক ছাত্ৰ কৰ্মীয়ে অংশগ্ৰহণ কৰে।

সমদলকাৰীয়ে চহৰৰ লক্ষীনাথ বেজবৰুৱা পথেৰে বিজেপি চৰকাৰ হায় হায়, বিজেপি চৰকাৰ গ বেক, কা আমি নামানো, আন্তৰাজ্যিক পাৰপত্ৰৰ বেৱস্থা কৰক আদি শ্ল'গানেৰে জোৰ লৈ সমদল কাৰি আগবঢ়াৰ সময়তে ৰিপোজ চকত প্ৰতিবাদ কাৰীক আৰক্ষীয়ে বাধা প্ৰদান কৰে। ইয়াতো প্ৰতিবাদকাৰী যুৱ ছাত্ৰ পৰিষদৰ ছাত্ৰ কৰ্মী ক্ষ্যন্ত নোহোৱাত শেষত ছাত্ৰ কৰ্মী সকলক আৰক্ষীয়ে আটক কৰে।