অসম

প্ৰবীণ ক্ৰীড়াবিদ থানেশ্বৰ হাজৰিকাৰ মৃত্যু, মঙলদৈ ক্ৰীড়া মহলত শোকৰ ছাঁ

asomiyapratidin

ডিজিটেল সংবাদ, মঙলদৈঃ মঙলদৈ কাচোমাৰী নিবাসী, প্ৰবীণ এথলেট থানেশ্বৰ হাজৰিকা (৭২)ৰ শুকুৰবাৰৰ নিশা প্ৰায় ১০ বজাত মৃত্যু হয়। কিছুদিন পূৰ্বে হৃদৰোগত আক্ৰান্ত হৈ তেওঁ শয্যাগত হৈ আছিল। দৰং জিলা মাষ্টাৰ্চ এথলেটিকছ সন্থাৰ সদস্য থানেশ্বৰ হাজৰিকাই ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় এথলেটিকছ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি পদক লাভ কৰিছিল।

অসম চৰকাৰৰ অনুমোদিত সুলভ মূল্যৰ দোকানী সন্থাৰ প্ৰাক্তন সদস্য থানেশ্বৰ হাজৰিকাৰ মৃত্যু বিধায়ক তথা মঙলদৈ ক্ৰীড়া সন্থাৰ সভাপতি গুৰুজ্যোতি দাস, সাধাৰণ সম্পাদক অনুপম ডেকা, দৰং জিলা মাষ্টাৰ্চ এথলেটিকছ সন্থা সভাপতি বিৰেণ মেধি, সাধাৰণ সম্পাদক প্ৰশান্ত কুমাৰ ডেকা, দৰং জিলা ক্ৰীড়া সাংবাদিক সংস্থাৰ সভাপতি আব্দুল খালেক, সম্পাদক গণেশ দত্ত, চপাই যুৱ কল্যাণ কেন্দ্ৰৰ সভাপতি হাছিনুৰ হুছেইন, সম্পাদক ৰমেশ চহৰীয়া, কাচোমাৰী গাঁৱৰ গাওঁবুঢ়া গোবিন্দ্ৰ ডেকা, ৰামহৰি আঞ্চলিক যুৱ মঞ্চ আদি দল সংগঠনে গভীৰ শোক প্ৰকাশ কৰিছে। মৃত্যুৰ সময়ত তেওঁ পত্নী আৰু ৬ সন্তানক ইহ সংসাৰত এৰি থৈ যায়।