অসম

মঙলদৈত লকডাউনৰ মাজতে ছাত্ৰ-ছাত্ৰীৰ ঘৰে ঘৰে গৈ এজন শিক্ষকে বিতৰণ কৰিলে খাদ্য সামগ্ৰী…

asomiyapratidin

ডিজিটেল সংবাদ, মঙলদৈঃ লকডাউনৰ সময়চোৱাত বিভিন্ন জনে বিভিন্ন ধৰণে আৰ্তজনক সহায় কৰা আহিছে। সেই সময়ত আৰ্থিক ভাবে আৰ্তজনক খাদ্য সামগ্ৰী বিতৰণ কৰিলে চৰকাৰী আহ্বান তথা ব্যক্তিগত চিন্তাৰ জৰিয়তে৷ এই একে সময়তে মঙলদৈ বামুণপাৰাৰ পুতুল শইকীয়া নামৰ এজন শিক্ষকৰ ব্যতিক্ৰমী চিন্তাই সকলোৰে পৰা সমাদৰ লাভ কৰা পৰিলক্ষিত হ'ল ৷

তেখেত ডাঁহী কমলা কোঁৱৰী বালিকা মজলীয়া বিদ্যালয়ৰ সহকাৰী শিক্ষক৷ শইকীয়াই শিক্ষা মন্ত্ৰীৰ আহ্বানৰ প্ৰতি সহাৰি জনাই কেইবাটাও পৰিয়ালক ইতিপূৰ্বে খাদ্য সামগ্ৰী প্ৰদান কৰিছে৷ বৰ্তমান শিক্ষক গৰাকীয়ে নিজ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ ঘৰে ঘৰে গৈ পঢ়াশুনাৰ খা-খবৰ লোৱাৰ লগতে দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰছাত্ৰী সকলক এক ডিষ্টা বহীপাত, এটি কলম আৰু মাস্ক প্ৰদান কৰা কাৰ্য্যই ৰাইজৰ মাজত চৰ্চা লাভ কৰিছে৷

শিক্ষক শইকীয়াই দেশৰ প্ৰতিজন শিক্ষকলৈ আহ্বান জনালে যদি নিজ নিজ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীক মাজে মাজে তেওঁলোকৰ ঘৰলৈ গৈ দিহা পৰামৰ্শৰ লগতে কোৰোনা ভাইৰাছৰ প্ৰতি সজাগতা সৃষ্টি কৰিব পাৰে তেন্তে শিক্ষাৰ লগতে মহামাৰী এই ভাইৰাছৰ বিৰুদ্ধে যুঁজত সফল হ'ব পাৰিব ৷