অসম

সদ্য প্ৰয়াত বংশীধৰ কলিতাৰ স্মৃতিত প্ৰকাশিত হয় “স্মৃতিৰ সফুৰা”

asomiyapratidin

ডিজিটেল সংবাদ, মঙলদৈঃ দৰং জিলাৰ মহলীয়াপাৰা অঞ্চলৰ চমতীয়াপাৰা গাঁৱৰ ৰাম সৰস্বতী উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত সহঃ শিক্ষক, সুহৃদপ্ৰাণ ব্যক্তি সদ্য প্ৰয়াত বংশীধৰ কলিতা দেৱৰ আদ্যশ্ৰাদ্ধ উপলক্ষে ৰাভা দিৱস দিনাই প্ৰয়াত কলিতা দেৱৰ জীৱন সোঁৱৰণ পত্ৰিকা "স্মৃতিৰ_সঁফুৰা "উন্মোচন কৰা হয়। শনিবাৰে প্ৰয়াত বংশীধৰ কলিতাৰ চমতীয়াপাৰা স্থিত বাসগৃহত লকডাউনৰ বাবে অনুষ্টুপীয়া কৈ সামাজিক দূৰত্ব বজাই ৰাখি অনুস্থিত হোৱা স্মৃতিচাৰণ আৰু স্মৰনিকা উন্মোচনী অনুষ্ঠান টিৰ সঞ্চালনা কৰে বুঢ়ীনগৰ কনিষ্ঠ মহাবিদ্যালয় ৰ প্ৰৱক্তা তিলক কলিতাই।

প্ৰয়াত বংশীধৰ কলিতা ৰ স্মৃতিত প্ৰকাশিত "স্মৃতিৰ সফুৰা"উন্মোচন কৰে ৰাম সৰস্বতী উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক ৰামচন্দ্ৰ চহৰীয়াই। এই অনুষ্ঠান ত উপস্থিত থাকে সদৌ অসম ছাত্ৰ সন্থাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক অৰুপ কলিতা। অনুষ্ঠান ৰ আঁত ধৰে স্মৃতিৰ সফুৰা স্মৰনিকা ৰ সম্পাদক নিৰঞ্জন শইকীয়াই। শেষত শলাগৰ শৰাই আগবঢ়াই চমতীয়াপাৰা গাঁৱৰ উদীয়মান যুৱক কাৰ্তিক কলিতাই।