অসম

দৰং জিলা পথ সুৰক্ষা সমিতিৰ উদ্যোগত মঙলদৈত মহিলাৰ মাজত পথ সুৰক্ষাৰ সজাগতা…

asomiyapratidin

ডিজিটেল সংবাদ, মঙলদৈঃ বৃহস্পতিবাৰে মঙলদৈত দৰং জিলা পথ সুৰক্ষা সমিতিৰ উদ্যোগত মহিলাৰ মাজত এক পথ সুৰক্ষা সজাগতা শীৰ্ষক সভা এখন অনুস্থিত কৰা হয়।এই পথ সুৰক্ষা সভাৰ বাবে ওলাই আহিল বহু মহিলা । পথ সুৰক্ষাত যে, মহিলাই ল'ব পাৰে আগভাগ সেই উদ্দেশ্যে উক্ত সভাতেই উপস্থিত মহিলাই পণ লয় পথ দুৰ্ঘটনা ৰোধৰ বাবে।

ক্ৰমবৰ্দ্ধমান পথ দুৰ্ঘটনা ৰোধৰ বাবে দৰঙৰ প্ৰতিখন গাঁৱৰ মহিলা আত্ম সহায়ক গোটক লৈ সংঘ গঠনৰ পোষকতা কৰে পথ সুৰক্ষা সজাগতা সভাত। প্ৰতিগৰাকী মাতৃয়ে যাতে নিজৰ ল'ৰা-ছোৱালীক পথ সুৰক্ষাৰ জ্ঞান দিয়ে তাৰ বাবে আহ্বান জনাই দৰং জিলা পৰিবহণ বিষয়াই। জিলা পৰিবহণ বিষয়াই আশা প্ৰকাশ কৰে পথ সুৰক্ষাৰ ক্ষেত্ৰতত মহিলাৰ সজাগতাই হ'ব পাৰে এক নতুন দিগন্তৰ সূচনা। ৰোধ হ'ব পাৰে পথ দুৰ্ঘটনা।

প্ৰতিগৰাকী মাতৃয়ে নিজৰ সন্তানক বাইক বা স্কুটীখন লৈ ওলাই আহিলে পথ সুৰক্ষাৰ কথা মনত পেলাই দিয়া উচিত বুলিও পৰিবহণ বিষয়া গৰাকীয়ে অনুৰোধ জনায়। সভাত জিলা পথ সুৰক্ষা সমিতিৰ পৰা মহিলা সকলক দুৰ্ঘটনা ৰোধৰ বিভিন্ন কৌশলৰ ওপৰত আলোকপাত কৰা হয়। জিলা উপায়ুক্ত জিলা পৰিবহণ বিষয়া, গৰকাপ্তানী বিভাগৰ বিষয়াকে ধৰি বহু কেইজন সমল ব্যক্তি উপস্থিত থাকে এই সভাত।