mangaldoi
mangaldoi  
অসম

কথা দি কথা ৰাখিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই, নতুন ঘৰৰ আশা পূৰণ হ'ল ৰুনাৰ...

Asomiya Pratidin

ডিজিটেল সংবাদ,‌ মঙলদৈ : কথা দি কথা ৰাখিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। বিশেষভাৱে সক্ষম ৰুনা বৰাক কথা দিয়াৰ মতেই প্ৰধানমন্ত্ৰী আবাস যোজনা গৃহৰ ব্যৱস্থা কৰি দিলে মুখ্যমন্ত্ৰী গৰাকীয়ে। শুকুৰবাৰে মঙলদৈ গেৰিমাৰী গাঁৱৰ বিশেষভাৱে সক্ষম ছাত্ৰী ৰুনা বৰাৰ ঘৰত প্ৰধানমন্ত্ৰী আবাস যোজনা গৃহৰ আধাৰশিলা স্থাপন কৰে দৰঙৰ উপায়ুক্ত প্ৰনৱ কুমাৰ শৰ্মাই।

৬ নৱেম্বৰত মোৱামাৰী গাঁও পঞ্চায়তৰ এলেকাত হ'বলগীয়া অসম দক্ষতা বিশ্ববিদ্যালয়ৰ ভূমি পূজনৰ দিনাই মঙলদৈ মহাবিদ্যালয়ৰ স্নাতক প্ৰথম বৰ্ষৰ বিশেষভাৱে সক্ষম ছাত্ৰী ৰুনা বৰাই এটা থকা ঘৰৰ বাবে মৌখিকভাৱে আবেদন জনাইছিল মুখ্যমন্ত্ৰীক। লগে লগে মুখ্যমন্ত্ৰীয়ে সভাস্থলীতে দৰঙৰ উপায়ুক্ত গৰাকীক ৰুনা বৰাক এটা প্ৰধানমন্ত্ৰী আবাস গৃহ তৎকালীনভাৱে দিয়াৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিয়ে।

সেই লৈয়ে শুকুৰবাৰে মোৱামাৰী গাঁও পঞ্চায়তৰ প্ৰতিনিধি দৰং জিলা পৰিষদৰ কাৰ্য্যবাহী অভিযন্তাক লগত লৈ ৰুনাৰ পিতৃ কমল বৰাৰ নামত গৃহটো শুভাৰম্ভ কৰে উপায়ুক্তই।

তাৎপৰ্যপূৰ্ণ যে প্ৰধানমন্ত্ৰী আভাস যোজনাৰ উপৰিও গৃহটিৰ নামত মুখ্যমন্ত্ৰী পুঁজিৰ পৰা আৰু ১ লাখ ৫০ হাজাৰ টকা আৱন্টন দিয়ে। এই ক্ষেত্ৰত মুখ্যমন্ত্ৰী আৰু দৰঙৰ উপায়ুক্তক ৰুনাৰ লগতে ওচৰ চুবুৰীয়াই ধন্যবাদ জনায়।