অসম

১১ দিনৰ পৰিৱৰ্তে ২ দিনৰ বাবে অনুষ্ঠিত হ’ব মঙলদৈৰ নদীৰ পাৰৰ ৰাস…

asomiyapratidin

ডিজিটেল সংবাদ মঙলদৈঃ কোৰোনা কালৰ পূৰ্বে প্রতিবছৰে ১১ দিনীয়াকৈ মঙলদৈ নদীৰ পাৰত আড়ম্বৰ পূৰ্ণভাৱে উদযাপন কৰা মঙলদৈ সনাতন ধৰ্ম সভাৰ ৰাসোৎসৱ এইবেলি দুদিনীয়াকৈ উদযাপন কৰাৰ সিদ্ধান্ত গ্রহণ কৰিছে মঙলদৈ সনাতন ধৰ্মসভাই । মঙ্গলবাৰে মঙলদৈ সনাতন ধৰ্ম সভাৰ ৪২ সংখ্যক শ্ৰী শ্ৰী কৃষ্ণ ৰাসোৎসৱ উদযাপন সমিতিৰ সভাপতি অতুলানন্দ গোস্বামীৰ সভাপতিত্বত অনুষ্ঠিত হোৱা এক সভাই এই সিদ্ধান্ত গ্রহণ কৰে বুলি জানিবলৈ দিয়ে মঙলদৈ সনাতন ধৰ্ম সভাৰ কোষাধ্যক্ষ ৰাজেন্দ্র নাথ হাজৰিকাই ।

সম্প্রতি সমগ্র দেশতে কালৰূপী কোৰোনাত আক্ৰান্ত হোৱাৰ সংখ্যা বৃদ্ধি পোৱাৰ পৰিপেক্ষিততেই এই সিদ্ধান্ত গ্রহণ কৰে মঙলদৈ সনাতন ধৰ্ম সভা আৰু ধৰ্ম সভাৰ ৪২সংখ্যক ৰাস উৎযাপন সমিতিয়ে। উল্লেখ্য যে এইবেলি হ'বলগীয়া দুদিনীয়া ৰাসোৎসৱ অহা ১৮ আৰু ১৯ নবেম্বৰত অনুষ্ঠিত হ'ব । প্রথম দিনা অসম সাহিত্য সভাৰ উপ-সভানেত্রী মৃণালিণী দেৱীয়ে উদ্বোধন কৰিব ৰাসোৎসৱ। এইবেলীৰ ৰাসোৎসৱত নাথাকিব কোনো জাকজমকতা । দ্বিতীয় দিনা হ'বলগীয়া ধৰ্মলোচনী সভাৰে অন্ত পৰিব মঙলদৈ সনাতন ধৰ্ম সভাৰ ৪০সংখ্যক ৰাসোৎসৱৰ ।