অসম

মঙলদৈত শিশু শ্রমিকৰ বিৰুদ্ধে অভিযান, উদ্ধাৰ ৩ শিশু শ্ৰমিক

asomiyapratidin

ডিজিটেল সংবাদ, মঙলদৈঃ ন্যুনতম পাৰিশ্ৰমিকেৰে অবৈধভাৱে শিশু শ্ৰমিক নিয়োগ কৰি মুনাফা লুটি অহা অসাধু ব্যৱসায়ীৰ বিৰুদ্ধে শিশু শ্ৰম প্ৰতিৰোধ আইনৰ অধীনত যাৱতীয় ব্যৱস্থা গ্ৰহণৰ কঠোৰ ইংগিত প্ৰেৰণ কৰি দৰং জিলা শিশু সুৰক্ষা বিভাগৰ উদ্যোগত আৰু জিলা পৰ্যায়ত গঠিত টাস্ক ফৰ্চৰ সহযোগত আৰম্ভ হৈছে শিশু শ্ৰমিক বিৰোধী ব্যাপক অভিযান। এই অভিযানৰ অংশ হিচাপে মঙলদৈ আৰু ইয়াৰ পাৰ্শ্বৱৰ্তী অঞ্চলৰ ইটা উদ্যোগ, মটৰ গেৰেজ আদিত বুধবাৰে চলোৱা এক অতৰ্কিত সফল অভিযানত চপাইত কাৰ্যক্ষম হৈ থকা 'দেবী ইণ্ডাষ্ট্ৰিজ' নামৰ চিমেন্টৰ ইটা নিৰ্মাণকাৰী এটা উদ্যোগৰ পৰা তিনিজন শিশু শ্ৰমিকক উদ্ধাৰ কৰে।

জিলা শিশু সুৰক্ষা বিষয়া কুবেন্দ্ৰ ওৱাৰিচা, জিলা শিশু কল্যাণ সমিতিৰ অধ্যক্ষ ৰাজেন চন্দ্ৰ দাস, মঙলদৈৰ সদৰ উপ আৰক্ষী অধীক্ষক মামনি হাজৰীকা, সুৰক্ষা বিষয়া পল্লবী শৰ্মা, শিশু সুৰক্ষা বিভাগৰ ভাৰপ্ৰাপ্ত আইন তথা আৱেক্ষন বিষয়া দুলাল চন্দ্ৰ ডেকা, জিলা শ্ৰম বিভাগৰ কৰ্মচাৰী আদিৰে গঠিত অভিযানকাৰী গোটটোৱে উদ্ধাৰ কৰা তিনিওজন শিশু শ্ৰমিকৰ বয়সৰ প্ৰমাণ পত্ৰ পৰীক্ষা কৰাৰ অন্তত জিলা শিশু কল্যাণ সমিতিৰ জৰিয়তে প্ৰত্যেকৰে পিতৃ মাতৃৰ হাতত গতাই দিয়া জিলা শিশু সুৰক্ষা বিভাগৰ সূত্ৰত প্ৰকাশ পায়।

ইফালে অবৈধভাৱে শিশু শ্ৰমিক নিয়োগ কৰা প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলিও প্ৰকাশ কৰে। অভিযানকাৰী দলটোৱে শিশু শ্ৰমিক বিৰোধী সজাগতা সৃষ্টিৰ বাবে বিভিন্ন ধৰণৰ গোহাৰি, প'ষ্টাৰ আদিও বিতৰণ কৰে। শিশু শ্ৰমিক বিৰোধী এনে অভিযান জিলা খনত নিয়মীয়াকৈ চলোৱাৰ পৰিকল্পনা কৰা বুলি জনা গৈছে।