অসম

তিনিবছৰে নিৰুদিষ্ট মঙলদৈৰ যুৱক বাংলাদেশৰ কাৰাগাৰত

asomiyapratidin

ডিজিটেল সংবাদ, মঙলদৈঃ মঙলদৈৰ পৰা সুদীৰ্ঘ তিনি বছৰ সন্ধানহীন হৈ থকা তিনি সন্তানৰ পিতৃ এজন বাংলাদেশৰ কাৰাগাৰত আবদ্ধ হৈ থকা ঘটনাই সমগ্ৰ মঙলদৈতে চাঞ্চল্যৰ সৃষ্টি কৰিছে। বাংলাদেশৰ ঢাকাস্থিত ভাৰতীয় উচ্চায়ুক্ত বিশ্বদীপ দে'ই অসম চৰকাৰৰ গৃহ আৰু ৰাজনৈতিক সচিবলৈ যোৱা ৫ মে তাৰিখে প্ৰেৰণ কৰা পত্ৰৰ (DAC/CONS/411/03/2019) পৰাই লোকজন বাংলাদেশত থকা বুলি জানিবলৈ পোৱা গৈছে।

মঙলদৈ থানাৰ অন্তৰ্গত জনাৰামচৌকাৰ সমীপৰ কেওঁট পাৰা গাঁৱৰ ফুলেশ্বৰ হাজৰিকা আৰু বিমলা হাজৰিকাৰ পুত্ৰ মুকুল হাজৰিকা সম্প্ৰতি বাংলাদেশৰ ফেনী কাৰাগাৰত বন্দী হৈ থকাৰ কথা গম পোৱা গৈছে। পত্ৰখনত অৱশ্যে কি গোচৰত যুৱকজন কাৰাগাৰত বন্দী হৈ আছিল সেই কথা উল্লেখ নাই।

সুদীৰ্ঘ তিনিবছৰৰ মূৰত নিজৰ হেৰুৱা সন্তানৰ সম্ভেদ পাই পিতৃ মাতৃৰ লগতে মুকুলৰ পত্নী আৰু পুত্ৰই আনন্দ প্ৰকাশ কৰি দৰং প্ৰশাসন তথা অসম চৰকাৰক সোনকালে ঘূৰাই আনিব অনুৰোধ জনাইছে।