অসম

মঙলদৈত জেব্ৰা ফ’ৰ্চৰ উদ্যোগত ‘কিতাপ পঢ়ো আহক’ অনুষ্ঠান…

asomiyapratidin

ডিজিটেল সংবাদ, মঙলদৈঃ মঙলদৈৰ স্বেচ্ছাসেৱী অনুষ্ঠান জেব্ৰা ফৰ্চৰ উদ্যোগত ১৪ ছেপ্তেম্বৰত মঙলদৈ জিলা পুথি ভড়াঁলত এদিনীয়া কাৰ্যসূচীৰে "কিতাপ পঢ়ো আহক" শীৰ্ষক মননশীল অনুষ্ঠান এটি হৈ যায়৷ যি সময়ত ছ'চিয়েল মিডিয়া আৰু এণ্ড্ৰইড মোবাইলৰ ব্যৱহাৰত নৱপ্ৰজন্মই উধাতু খাই পৰিছে, ঠিক সেইসময়তে সময়ৰ সৎব্যৱহাৰ কেনেকৈ কৰিব পাৰি তাৰ প্ৰতি লক্ষ্য ৰাখি আয়োজক এই সুন্দৰ অনুষ্ঠানৰ আয়োজন কৰাত ই এক ব্যতিক্ৰমী অনুষ্ঠান হিচাপে পৰিগণিত হৈছে ৷

এই অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে শিক্ষাবিদ ড° অমৰজ্যোতি চৌধুৰী । ইয়াৰোপৰি সাহিত্য সভাৰ প্ৰাক্তন উপ-সভাপতি, প্ৰাৰ্বতী প্ৰসাদ বঁটা প্ৰাপ্ত ইদ্ৰিছ আলি আৰু অসমৰ নাট্য জগতৰ বিশিষ্ট নাট্যকাৰ হেমন্ত দত্তই সমল ব্যক্তি হিচাপে বক্তব্য আগবঢ়ায়। এনে মননশীল অনুষ্ঠানে নৱপ্ৰজন্মক এক সঠিক দিশৰ উন্মেষ ঘটাব বুলি অনুস্থানৰ আয়োজক সকলে আশা কৰিছে ।