অসম

সন্ধিয়া মঙলদৈৰ মাজমজিয়াত জেহাদিৰ পুট্টালিকা দাহেৰে প্ৰতিবাদ

asomiyapratidin

ডিজিটেল সংবাদ, মঙলদৈঃ মঙলবাৰে সন্ধিয়া মঙলদৈ মাজমজিয়াত জেহাদিৰ পুট্টালিকা দাহ কাৰ্যসূচী সম্পন্ন হয়। পুট্টালিকা দাহ কৰিলে আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদ আৰু ৰাষ্ট্ৰীয় বজৰং দলে। পশ্চিম বংগৰ মুৰ্ছিদাবাদত আৰএছএছ কৰ্মী বন্ধু পালসহ পৰিয়ালক নৃশংসভাৱে হত্যাৰ প্ৰতিবাদত এই কাৰ্যসূচী পালন কৰা হয়।

ভাৰত মাতা কি জয়, জয় শ্ৰী ৰাম ধ্বনিৰে মঙলদৈৰ মাজমজিয়াৰ কৰিম চক উত্তাল কৰি তোলে আন্তঃ ৰাষ্ট্ৰীয় হিন্দু পৰিষদ আৰু ৰাষ্ট্ৰীয় বজৰং দলৰ কৰ্মকৰ্তা সকলে। পশ্চিম বংগৰ চৰকাৰক জেহাদী সকলক আটক কৰি কঠোৰতম শাস্তি প্ৰদান কৰা বাবে দাবী জনায়।

ইফালে ভাৰত চৰকাৰকো দেশত যাতে শান্তি অটুট থাকে তাৰ বাবে ব্যৱস্থা লবলৈ আহ্বান জনায়। প্ৰতিমূৰ্তি দাহ কাৰ্যসূচী মঙলদৈৰ বহু সংখ্যক সদস্যৰ যোগদান।