অসম

জল সম্পদ বিভাগ, মঙলদৈ সংমণ্ডলৰ এজন কৰ্মচাৰীৰ দুৰ্দশা…

asomiyapratidin

ডিজিটেল সংবাদ, মঙলদৈঃ এবছৰ, দুবছৰ নহয়, আজি ২৭ বছৰে জল সম্পদ বিভাগৰ মঙলদৈ সংমণ্ডলত কৰ্মৰত অমৰেন্দ্ৰ দত্ত নামৰ কৰ্মচাৰী জনৰ জীৱন সংগ্ৰামৰ দুৰ্দশাৰ কাহিনীয়ে সচেতন মহলৰ চকু কপালত তুলিছে। জানিব পৰা মতে, নলবাৰী জিলাৰ নিজ পকোৱাৰ পৰা আহি ১৯৯৪ চনত মাত্ৰ ৩০০ টকা পাৰিতোষিকত এই বিভাগটোত মাষ্টাৰ ৰোল কৰ্মচাৰী হিচাপে যোগদান কৰা এই কৰ্মচাৰী জনে ২০১০ চনৰ জুলাই মাহলৈ ১৮০০ টকা পাৰিতোষিক লাভ কৰিছিল। কিন্তু তাৰ পিছত তেওঁ আৰু এটকাও পাৰিতোষিক লাভ কৰা নাই যদিও এদিন বিৰতি নোলোৱাকৈ তেওঁ কাৰ্যালয়ৰ চৌহদ, কোঠা, শৌচাগাৰ – প্ৰসাৱগাৰ চাফাই কৰি আহিছে।

পাৰিতোষিক লাভ নকৰাত আৰ্থিক সংকটত পৰি তেওঁ পত্নী, দুজনী কন্যাসহ জল সম্পদ বিভাগৰ মঙলদৈ সংমণ্ডলৰ কাৰ্যালয়ৰ এচুকত এটা জুপুৰিত বসবাস কৰি আহিছে। এই সৰু জুপুৰিত চাৰিজনীয়া পৰিয়ালটোৰ লগত একেলগে বসবাস কৰে গৰু, ছাগলী, হাঁহ, কুকুৰা আদি। কি যে এক কদৰ্য পৰিবেশ! তাৎপৰ্যপূৰ্ণ যে, অমৰেন্দ্ৰ দত্তৰ বৰ জীয়ৰী নীলাক্ষি দত্ত (১৮) জন্মৰ পৰাই শয্যাগত। বিভিন্ন ৰোগত আক্ৰান্ত হৈ বিচনাখনেই তাইৰ জীৱন সংগী হৈ পৰিছে। এই ছোৱালীজনীক মানুহে মানুহৰ বাবে, দৰং, অসমে মাহে এহেজাৰ টকাকৈ অনুদান দি আহিছে। ইপিনে তেওঁৰ ভগ্নী অনামিকা দত্তক জ্ঞানবিকাশ একাডেমীয়ে উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষত বিনামূলীয়াকৈ নামভৰ্তি কৰি দিছে।

আশাত বন্দী হৈ দিন অতিবাহিত কৰা অমৰেন্দ্ৰ দত্তই এই সম্পৰ্কত কয়, 'মোৰ লগতে অইন বিভাগত মাষ্টাৰৰোলত কাম কৰা বহুতৰ চাকৰি নিয়মীয়া হ'ল। কিন্তু মোৰ নহ'ল। মোৰ কিয় নহ'ল আজিলৈ মোৰ বোধগম্য নহ'ল। এতিয়াও আশাবাদী মন লৈ পুৱাৰ গধূলিলৈ চাফাই কাম কৰি গৈছো।' এই কৰ্মচাৰী জনৰ প্ৰতি ডঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰৰ সুদৃষ্টি পৰিব কেতিয়া? বিভাগীয় মন্ত্ৰী পিযুষ হাজৰিকাই অমৰেন্দ্ৰ দত্তৰ চাকৰি নিয়মীয়াকৰণৰ পদক্ষেপ ল'বনে – এই প্ৰশ্ন সচেতন নাগৰিকৰ।