অসম

মঙলদৈৰ ইণ্ডাষ্ট্ৰী চ’কত পথ অৱৰোধ…

asomiyapratidin

ডিজিটেল সংবাদ, মঙলদৈঃ ৰাসোৎসৱৰ মাজতে মঙলবাৰে মঙলদৈ ইণ্ডাষ্ট্ৰী চ'কত দূষিত পানীৰ দুৰ্গন্ধৰ প্ৰতিবাদত পথ অৱৰোধ স্থানীয় ৰাইজৰ৷ সুস্থ বাতাবৰণ সৃষ্টি কৰক, প্ৰদূষণ ৰোধ কৰক, প্ৰদূষণৰ মুল উৎস চিনাক্ত কৰক আদি শ্লোগানেৰে সমগ্ৰ ১৫ নং ৰাষ্টীয় ঘাই পথ উত্তাল কৰি তোলে।

ৰাইজৰ অভিযোগ অনুসৰি এছ আৰ ডি গ্ৰুপ অৱ কোম্পানীৰ পৰা এৰি দিয়া বিষাক্ত পদাৰ্থ পানীৰ লগত মিহলি হৈ বিষাক্ত আৰু গোটেই পৰিবেশ পদুষিত হৈ পৰিছে৷ ইয়াৰ উপৰিও নলাৰ পানী সোমোৱা অঞ্চল সমূহৰ মাছৰ লগতে সেই পানী সেৱন কৰা গৰু ছাগলীৰ মৃত্যু হৈ আহিছে বুলি ৰাইজে দাবী জনাইছে৷

প্ৰতিবাদকাৰী ৰাইজে ১৫ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ যান-বাহন এঘন্টাৰ বাবে বন্ধ হৈ পৰে। ইয়াৰ পিছত মঙলদৈ ৰাজহ চক্ৰ বিষয়া দ্বিপশিখা শইকীয়া, অতিৰিক্ত আৰক্ষী অধীক্ষক মামনি হাজৰিকাই প্ৰতিবাদকাৰীৰ ৰাইজক উপযুক্ত ব্যবস্থা কৰিব বুলি প্ৰতিশ্ৰুতি দিয়াত সামূহিকভাবে প্ৰতিবাদস্থলীত ৰাখে ।