অসম

মঙলদৈ কোভিড কেয়াৰ চেণ্টাৰত সাপৰ আতংকঃ অজগৰ উদ্ধাৰ

asomiyapratidin

ডিজিটেল সংবাদ মঙলদৈঃ বৃহস্পতি বাৰে মঙলদৈত এক কোভিড কেয়াৰ চেণ্টৰত সাপৰ আতংকই বিৰাজ কৰে। বৃহস্পতি বাৰে দুপৰীয়াৰ সময়ত মঙলদৈ কেন্দ্ৰীয় বিদ্যালয়ত স্থাপন কৰা কোভিড কেয়াৰ চেণ্টাৰত সাপে এক আতংকময় পৰিবেশৰ সৃষ্টি কৰে কোভিড ৰোগী সকলৰ মাজত। এডাল দুডাল নহয় একেলগে বহু সাপ ওলাই আহে কোভিড কেয়াৰ চেণ্টাৰৰ ভিতৰে বাহিৰে।

মঙলদৈ ব্লকচকস্থিত কেন্দ্ৰীয় বিদ্যালয়খনৰ কোভিড কেয়াৰ চেণ্টাৰত আতংকৰ সৃষ্টি কৰেহি সৰ্প কুলে।এই কেন্দ্ৰীয় বিদ্যালয় তথা বৰ্তমান কোভিড কেয়াৰ চেন্টাৰ হিচাপে চলাই থকা কেন্দ্ৰীয় বিদ্যালয়ৰ চৌহদটিৰ চাৰিওফালে আৱৰি আছে ঘন হাবি জংঘলে। যাৰ ফলত দৈনিক এই সাপৰ দেখিবলৈ পাই তাত থকা স্বাস্থ্য কৰ্মীৰ লগতে কোভিড ৰোগী সকলে।

বৃহস্পতিবাৰেও সাপ ওলোৱাৰ কথা সৰ্বতে বিয়পি পৰাৰ পিছতে কোভিড কেয়াৰ চেণ্টাৰটোত উপস্থিত হয়গৈ বন বিভাগৰ লোক।
বন বিভাগৰ লোকে উক্ত স্থানত উপস্থিত হৈ এডাল অজগৰ সাপৰ পোৱালি ধৰিবলৈ সক্ষম হয় যদিও আৰু বহু সাপ বিদ্যালয় খনৰ চৌহদত থকাৰ কথা প্ৰকাশ কৰে। এই ক্ষেত্ৰত স্বাস্থ্য কৰ্মীৰ লগতে ৰোগী সকলে বিচাৰিছে প্ৰশাসনৰ সহায়। এই দৃশ্য দেখাৰ পাছত জিলা স্বাস্থ্য বিভাগ বা জিলা প্ৰশাসনে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়াহে হব লক্ষণীয়।