অসম

মঙলদৈত আজব ঘটনাঃ আটক হৈছে দুজন আচবাব চোৰ

Asomiya Pratidin

ডিজিটেল সংবাদ,‌ মঙলদৈঃ মঙলদৈ আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় দুজন চোৰ। বহুদিনৰ পৰা মঙলদৈত বহু মানুহৰ ঘৰত আচবাব চোৰ হোৱাৰ ঘটনা সংঘটিত হৈ আছিল। শুকুৰবাৰে আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি চোৰ কেইজনক আটক কৰিবলৈ সক্ষম হয়।

চোৰ দুটা ক্ৰমে ৰৌতাৰ ৰফিকুল ইছলাম আৰু ইনামুল হক বুলি জানিব পৰা গৈছে।চোৰ দুটাৰ পৰা চুৰি কাৰ্যত ব্যৱহৃত বিভিন্ন সামগ্ৰী আৰু তিনিটা মোৱাইল জব্দ কৰিছে আৰক্ষীয়ে।