অসম

দিনজোৰা কাৰ্যসূচীৰে মঙলদৈত সুধাকণ্ঠ ভূপেন হাজৰিকাৰ ওপজা দিন উদযাপন…

asomiyapratidin

ডিজিটেল সংবাদ, মঙলদৈঃ সুধাকণ্ঠ ভূপেন হাজৰিকাৰ ৯৩ সংখ্যাক ওপজা দিন আয়োজন কৰিলে মঙলদৈ জিলা মইনা পাৰিজাতে৷ অনুস্থানত কণ কণ মইনাৰ ভূপেন্দ্ৰ সংগীতে মন্ত্ৰমুগ্ধ কৰিলে সহস্ৰাধিক দৰ্শকক৷

দৰং জিলা আৰক্ষী অধীক্ষক অমিত ভূঞাই আনুস্থানিকভাৱে মুকলি কৰা প্ৰতিযোগিতাখনিত ড° ভূপেন হাজৰিকাৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰে বিশিষ্ট উদ্যোগপতি তথা মঙলদৈ জিলা মইনা পাৰিজাতৰ উপদেষ্টা ৰাজীৱ ডেকাই ৷

ইয়াৰ উপৰিও জিলাখনত দৰং জিলা সাহিত্য সভাই জিলা ভিত্তিত গণেশ কোঁৱৰী জনজাতি হাইস্কুলত আৰু ভূপেন হাজৰিকা সমন্বয় ৰক্ষী সমিতিয়ে মঙলদৈ ভূপেন হাজৰিকা উদ্যানত দিনজোৰা কাৰ্যসূচীৰে ওপজা দিনৰ আয়োজন কৰিছে ৷