অসম

মঙলদৈত গৰুচোৰৰ সন্দেহত বৰ্বৰ অত্যাচাৰ, ভাইৰেল VIDEO

asomiyapratidin

ডিজিটেল সংবাদ, মঙলদৈঃ ৰাজ্যত আকৌ সংঘটিত হৈছে মৰেল পুলিচ কাণ্ড। পূৰ্বৰ ঘটনাসমূহৰ পৰা কোনোধৰণৰ শিক্ষা নোলোৱা একাংশ উন্মাদ লোকে এইবাৰ এনে কাণ্ডৰে লজ্জানত কৰিছে মঙলদৈক।

মঙলদৈ আৰক্ষী থানাৰ অন্তৰ্গত ডেওনাগাঁৱত সংঘটিত হোৱা এই বৰ্বৰ কাণ্ডৰ ভিডিঅ' ইতিমধ্যে ভাইৰেল হৈ পৰিছে ছ'চিয়েল মিডিয়াত। ভিডিঅ'টোত এজন লোকক মাটিত বগৰাই উলংগ কৰি প্ৰহাৰ কৰা দেখা গৈছে।

গৰু চোৰৰ সন্দেহত লোকজন এনেদৰে গণ প্ৰহাৰৰ সন্মুখীন হয়। সম্পূৰ্ণ উলংগ কৰি লোকজনক প্ৰহাৰ কৰা দৃশ্য প্ৰত্যক্ষ কৰি দুই-এজন সচেতন লোকে বাধা প্ৰদান কৰিবলৈ চেষ্টা চলাই যদিও তাৰ কোনো ফল ধৰা দেখা নগ'ল।

অৱশেষত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ গৰু চোৰৰ সন্দেহত গণ প্ৰহাৰৰ সন্মুখীন হোৱা জাকিৰ হুছেইন নামৰ লোকজনক চিকিৎসালয়লৈ প্ৰেৰণৰ ব্যৱস্থা কৰা হয়। ঘটনাটোক লৈ মঙলদৈৰ লগতে সমগ্ৰ ৰাজ্যতে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

উল্লেখ্য যে, দিনদিয়েক পূৰ্বে শোণিতপুৰ জিলাতো গৰু চোৰৰ সন্দেহত একাংশ লোকে বৰ্বৰ কাণ্ড সংঘটিত কৰিছিল। ইয়াৰ পিছতে, এইবাৰ দৰং জিলাত অনুৰূপ ঘটনা সংঘটিত হোৱাত আশ্চৰ্য প্ৰকাশ কৰিছে সচেতন মহলে।