অসম

মঙলদৈৰ সৰুঠেকেৰাবাৰীত এল্ট’ৰ খুন্দাত নিহত এজন…

asomiyapratidin

ডিজিটেল সংবাদ, মঙলদৈঃ মঙলদৈ ৰাস উৎসৱৰ সমীপৰ ৰাধাকৃষ্ণ মন্দিৰৰ কাষত ১৫ নং ৰাষ্ট্ৰীয়পথত ১৮ নবেম্বৰৰ নিশা প্ৰায় ১ বজাত এখন এল্ট' গাড়ীৰ খুন্দা মাৰে মঙলদৈৰ নিকটবৰ্ত্তী সৰঠেকেৰাবাৰী ভাঙুৰীপাৰা গাৱঁৰ যাদৱ শৰ্মাৰ কনিষ্ঠ পুত্ৰ উৎপল শৰ্মা (চুমন)ক।

এল্ট' গাড়ীৰ খুন্দাত যুৱকজন পথত পৰি যোৱাত প্ৰত্যক্ষ দৰ্শীয়ে স্হানীয় আৰক্ষী চকীত খবৰ কৰাত মঙলদৈ অসামৰিক চিকিৎসালয়ত চিকিৎসাৰ বাবে নিয়ে যদিও সংকটজনক অৱস্থাত মঙলদৈ অসামৰিক চিকিৎসালয় কৰ্তৃপক্ষই নিশাই এম্বুলেন্সেৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ পঠাই দিয়ে৷

সেই মুহূৰ্তলৈকে যুৱক জনৰ অভিভাবকে ঘটনাৰ সবিশেষ একো জনা নাছিল৷ পিছদিনা অৰ্থাৎ ১৯ নবেম্বৰ তাৰিখেহে পৰিয়ালৰ সদস্যই গম পাই এই কথা। লগে লগে চুমনৰ পৰিয়ালক মঙলদৈ আৰক্ষী চকীৰ পৰা ফোন যোগে গুৱাহাটী চিকিৎসাৰ মহাবিদ্যালয় লৈ যাবলৈ কয়। পিতৃ যাদৱ শৰ্মাই গুৱাহাটী মেডিকেল কলেজ হাস্পতালত পুত্ৰৰ নিথৰ দেহ দেখি শোকত ভাগি পৰে।

মৰণোত্তৰ কৰাৰ পিচত যুৱক জনৰ মৃতদেহ বুধবাৰে ঘৰলৈ অনাত সৰঠেকেৰাবাৰী ,ভাঙুৰী পাৰা,ৰঙামাটি ,আউলাচৌকা অঞ্চলত গভীৰ শোকৰ ছাঁ পৰে ৷ ইফালে, নলবাৰীত ৰাস চাবলৈ ঘৰৰ পৰা ওলাই অহা যুৱক জন মঙলদৈ ৰাসোৎসৱৰ থলি কি দৰে পালে সেয়াও এক ৰহস্যৰ সৃষ্টি কৰিছে ।মঙলদৈ সদৰ আৰক্ষীৰ তৰফৰ পৰা যিখন এল্ট'ই যুৱক জনক খুন্দিয়াইছিল তাৰ তদন্ত কৰা হব বুলি দুৰ্ভগীয়া পৰিয়ালক আশ্বাস দিছে ৷