অসম

মঙলদৈত ১০৮ সেৱাৰ দ্বাৰা ১১ বছৰত ১,৭৬০০০ হিতাধিকাৰী উপকৃত হৈছে…

asomiyapratidin

ডিজিটেল সংবাদ, মঙলদৈঃ জি ভি কে-ই এম আৰ আই নামৰ সংস্থাটোৱে পৰিচালনা কৰা ১০৮ সেৱাৰ জৰিয়তে স্বাস্থ্যখণ্ডত দৰং জিলাৰ ১ লাখ ৭৬ হাজাৰ ৭৫৮ গৰাকী হিতাধিকাৰী ইতিমধ্যে উপকৃত হৈছে। ২০০৯ চনৰ ২৬ ফেব্ৰুৱাৰীৰ পৰা দৰং জিলাত আৰম্ভ হোৱা বিনামূলীয়া এই সেৱা জিলাখনত এঘাৰ বছৰ সম্পূৰ্ণ হোৱাৰ উপক্ৰম হৈছে। চলিত বৰ্ষৰ ৩১ জানুৱাৰীলৈ বিগত এঘাৰ বছৰে দৰং জিলাত ২৬ খন মৃত্যুঞ্জয় সেৱাৰ গাড়ীৰে মুঠ ১০৩ গৰাকী কৰ্মচাৰীয়ে পথ দুৰ্ঘটনাত পতিত হোৱা ১৩,৫৪০ গৰাকী, প্ৰসূতি জনিত ৭৯,৬৮১ গৰাকী, আত্মহত্যা আৰু বিষক্ৰিয়াত আক্ৰান্ত ২,৯৭৬ গৰাকী, পেট বিষত আক্ৰান্ত ২৪,৩৪৭ গৰাকী, শ্বাস প্ৰশ্বাস জনিত কাৰণত আক্ৰান্ত ৫০৯৬ গৰাকী, হৃদজনিত ৰোগত আক্ৰান্ত ৫২৩৯ গৰাকী আৰু অন্যান্য কাৰণত আক্ৰান্ত ৪৫,৮৭৯ গৰাকী ৰোগীক ১০৮ সেৱাৰ জৰিয়তে চিকিৎসা প্ৰদানৰ ক্ষেত্ৰত বিনিমূলীয়া সেৱা আগবঢ়াইছে।

বৃহস্পতিবাৰে মঙলদৈ য়ুথ ক্লাবত হোৱা হিতাধিকাৰীৰ সভাত এই তথ্য প্ৰকাশ কৰে ১০৮ সেৱাৰ আঞ্চলিক প্ৰবন্ধক ভাষ্কৰজ্যোতি দাসে। সভাত দৰঙৰ উপ-আৰক্ষী অধীক্ষক মামণি হাজৰিকা, ১০৮ সেৱাৰ মাৰ্কেটিং প্ৰমুখ ধুৰ্জ্যোতি প্ৰসাদ, আঁঁচনি প্ৰবন্ধক কৌশিক কাশ্যপ আদি উপস্থিত থাকি বক্তব্য আগবঢ়ায়। দৰঙৰ দায়িত্বত থকা জৰুৰীকালীন পৰিচালন সঞ্চালক স্বৰূপ কলিতাই আঁতধৰা সভাখনত আশাকৰ্মী সন্থাৰ সভানেত্ৰী মঞ্জুৱাৰা বেগম, মঙলদৈ প্ৰেছ ক্লাবৰ সভাপতি আব্দুল খালেক আদিয়ে ১০৮ সেৱাৰ জৰিয়তে আগবঢ়োৱা সেৱাৰ প্ৰশংসা কৰাৰ লগতে বিভিন্ন অসুবিধা সমূহৰ বিষয়েও বক্তব্য প্ৰদান কৰে।

তেওঁলোকে জিলাখনত নৌকা এম্বুলেন্সৰ প্ৰয়োজনীয়তা আৰু ১০৮ সেৱাৰ গাড়ী বৃদ্ধি কৰাৰ প্ৰসংগতো বক্তব্য আগবঢ়ায়। আনহাতে জিলাখনত ২০১২ চনৰ ৩০ জানুৱাৰীৰ পৰা আৰম্ভ হোৱা আদৰণি সেৱাৰ গাড়ীয়ে বিগত আঠ বছৰে ৬৫,৮৫৫ গৰাকী হিতাধিকাৰীক সেৱা আগবঢ়াইছে বুলি ১০৮ সেৱাৰ বিষয়াসকলে অৱগত কৰায়। এই সভাত ১০৮ সেৱাৰ টেকনিচিয়ান হিতেশ কুমাৰ আৰু গাড়ী চালক দীপক দাসক শ্ৰেষ্ঠত্বৰ বঁটা প্ৰদান কৰে।