অসম

নাই কোনো সতৰ্কতামূলক জাননী, ৰাজপথ পেলাই থৈ যোৱা মাটিৰ দ’মত প্ৰচণ্ড খুন্দা মাৰি প্ৰান গ’ল নিলোৎপলৰ

asomiyapratidin

ডিজিটেল সংবাদ,‌মঙলদৈ: লোকনিৰ্মাণ তথা গড়কাপ্তানি বিভাগৰ কেতবোৰ হঠকাৰী কাৰ্যই বহুতকে ক্ষুব্ধ কৰি তোলাৰ সময়তে বিভাগটোৰ আন এক হঠকাৰী কাৰ্যৰ পৰিণতিত দেওবাৰে এজন উদীয়মান যুৱকৰ অকাল মৃত্যু ঘটে মঙলদৈ থানাৰ অন্তৰ্গত জনাৰামচৌকাত ৷

যুৱকজনৰ মৃত্যুত যিদৰে সৰ্বত্ৰে শোকৰ ছাঁ পৰিছে সেইদৰে গড়কাপ্তানি বিভাগৰ ওপৰতো সকলোৱে তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে ৷ উল্লেখ্য যে জনাৰামচৌকাৰ কেওটপাৰা গাঁৱৰ হোদাপাৰা চুবুৰীৰ প্ৰাক্তন আলফা তথা সৰবৰহী নাগৰিক দেৱেন মেধীৰ একমাত্ৰ পুত্ৰ সন্তান নিলোৎপল মেধী ( বুবু) (২৮) এক দুৰ্ভাগ্যজনক দুৰ্ঘটনাত মৃত্যু হয় ৷

ঘটনাৰ বিবৰণী মতে মঙলদৈৰ এখন মটৰচাইকেল ডীলাৰত কৰ্মৰত যুৱকজনে আন দিনাৰ দৰে যোৱা ১৪ জুলাইতো মটৰ চাইকেলেৰে নিশা ঘৰলৈ আহি আছিল ৷ তাৰ আগমুহুৰ্তত এম পি কে পথৰ জনাৰাম চৌকাৰ সমীপৰ হৰিণখোজাত বানে ছিগা এছোৱাত ট্ৰেক্টৰেৰে মাটি পেলোৱা হৈছিল ৷ কোনোধৰণৰ আগতীয়া সতৰ্কীকৰণ অৱিহনে এইদৰে পথৰ ওপৰত মাটিৰ দম কৰি থোৱাতো নিশাৰ ভাগত সহজে চকুত নপৰাতো স্বাভাৱিক কথা ৷ যি মাটিৰ দমত ইতিমধ্যে কে'বাটাও সৰু সুৰা দুৰ্ঘটনা সংঘটিত হৈছে ৷

নিলোৎপলেও স্বাভাৱিকভাৱে আহি থকা অৱস্থাত মাটিৰ দমত খুন্দিয়াই বাগৰি পৰি গুৰুতৰভাৱে আহত হয় ৷ তেওঁক স্থানীয়লোকে ততাতৈয়াকৈ মঙলদৈ অসামৰিক চিকিৎসালয় আৰু পাছত আমিনগাঁৱৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰে ৷ বিগত তিনিদিনে মৃত্যুৰ স'তে যুঁজি থকা যুৱকজনে দেওবাৰে অৱশেষত শেষ নিশ্বাস ত্যাগ কৰে ৷

এই খবৰ বনজুইৰ দৰে বিয়পাৰ লগেলগে সমগ্ৰ মঙলদৈত গভীৰ শোকৰ ছাঁ পৰে ৷ আজি নিলোৎপলৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ অন্তত গুৱাহাটীৰ পৰা জনাৰামচৌকাৰ নিজ বাসগৃহলৈ অনা হ'ব।