অসম

সাম্প্ৰদায়িক বিষবাষ্পৰ মাজতেই সাম্প্ৰতিৰ বিৰল নিদৰ্শন মঙলদৈত…

asomiyapratidin

ডিজিটেল সংবাদ, মঙলদৈ: এগৰাকী মুছলিম ছোৱালীক সম্পূৰ্ণ হিন্দু ৰীতি নীতিৰে ঘৰৰ পৰা উলিয়াই দিলে পালিত মাতৃয়ে । যি সময় দেশত ধৰ্মক লৈ হিন্দু মুছলমানৰ বিবাদ আৰম্ভ হৈছে সেই সময়ত এখন বিয়াই মঙলদৈত হিন্দু মুছলমানৰ মাজত সমন্নযৰ বাৰ্তা কঢ়িয়াই আনিছে।

হিন্দু পৰিয়ালৰ ঘৰত পালিত মুছলমান ছোৱালী এজনীৰ বিয়া। মঙলদৈ হিৰাপাৰাত এখন ব্যতিক্ৰমী বিবাহ । হিন্দু মুছলমানৰ সমন্বয়ৰ ক্ষেত্ৰত পৰিণত হ'ল শনিবাৰে হিৰাপাৰা গাওঁ। এগৰাকী মুছলিম ছোৱালীক সম্পূৰ্ণ হিন্দু ৰীতি নীতিৰে ঘৰৰ পৰা উলিয়াই দিলে পালিত মাতৃয়ে ।

৬ বছৰ ধৰি মঙলদৈ খাটনিয়া পাৰা গাঁও পঞ্চায়তৰ সভানেত্ৰী অনিতা ৰাজবংশীয়ে জৰীফুল বেগম নামৰ এগৰাকী দৰিদ্ৰ মুছলিম যুৱতীক নিজ কন্যাৰ দৰে লালন পালন কৰি ডাঙৰ দীঘল কৰিছিল ।

সেই গৰাকী ছোৱালীৰ খাটনিয়াপাৰাৰে তবিবুৰ ৰহমানৰ সৈতে বিবাহ । যদিও বিবাহ খন ইছলামধর্মীয় নিয়মত হব তথাপি আজি পালিত মাতৃ অনিতা ৰাজবংশীয়ে হিৰাপাৰাৰ ঘৰ খনৰ পৰা জৰীফুল বেগমক উলিয়াই দিয়া সময়ত সম্পূৰ্ণ হিন্দু নিয়ম অনুসৰি ঘৰৰ পৰা উলিয়াই দিয়ে । ঘৰৰ পৰা উলিয়াই দিয়াৰ সময়ত আবেগিক হৈ পৰে পালিত মাতৃ, ওচৰ চুবুৰীয়া লোক সকল ।

গহনা, কাপোৰ, ফাৰ্নিচাৰ সকলো লগত দিয়ে পালিত পিতৃ মাতৃয়ে। ছোৱালী জনীক ওচৰ চুবুৰীয়াই ও মৰমেৰে উপচাই কইনা ।