- মানকাচৰৰ মানুল্যাপাৰাত নৈশ বাছ দুৰ্ঘটনা।
- দুৰ্ঘটনাগ্ৰস্ত বাছখনৰ নম্বৰ এএছ ০১ এমচি ২৯৮৭।
- বাছখন নিয়ন্ত্ৰণ হেৰুৱাই পথৰ পৰা বাগৰি পৰে।
- এই দুৰ্ঘটনাত আহত হৈছে ৩০জনকৈ যাত্ৰী।
- আহত যাত্ৰীসকলক ইতিমধ্যে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে।
- জানিব পৰা মতে, মানকাচৰৰ বাঘাপাৰাৰ পৰা গুৱাহাটী অভিমুখে ৰাওনা হৈছিল বাছখন।
- প্ৰায় ১২ কিলোমিটাৰ পথ অতিক্ৰম কৰাৰ পাছত বাছখন দুৰ্ঘটনাত পতিত হয়।
- ঘটনাস্থলীত ৰাওনা হৈছে আৰক্ষীৰ দল।
- ৰাইজে আহত যাত্ৰীক উদ্ধাৰ কৰি হাস্পতালত ভৰ্তি কৰাইছে।