অসম

মানকাচৰৰ ভাৰত-বাংলাদেশ সীমান্তত দুটা গৰু সৰবৰাহকাৰীক গ্ৰেপ্তাৰ…

asomiyapratidin

ডিজিটেল সংবাদ, দক্ষিণ শালমাৰা: দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ মানকাচৰ থানা এলেকাৰ ভাৰত-বাংলাদেশ সীমান্তয়েদি শনিবাৰে নিশা গৰু সৰবৰাহকাৰী চক্ৰ এটাই বাংলাদেশলৈ গৰু চালনা কৰিবলৈ নিয়া অৱস্থাত মানকাচৰ আৰক্ষীয়ে দুটা গৰুসহ এজনক গ্ৰেপ্তাৰ কৰে।

উল্লেখযোগ্য যে, মানকাচৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বিনোদ কুমাৰ দাসৰ নেতৃত্বত চলা অভিযানত গ্ৰেপ্তাৰ হোৱা গৰু সৰবৰাহকাৰীটোক মানকাচৰ থানা এলেকাৰ কেশৰভিটা গাৱঁৰ আব্দুল মোছলেমৰ পুত্ৰ জাইদুল ইছলাম(২৭) বুলি চিনাক্ত কৰা হৈছে। নিশা প্ৰায় ১.৩০ বজাত গৰু দুটা লৈ ভাৰত-বাংলাদেশ সীমান্তৰ দিশে গৈ থকা অৱস্থাতে আৰক্ষীয়ে লোকজনক আটক কৰি গৰু দুটা জব্দ কৰে।