অসম

মানকাচৰত পুনৰ ৩জনৰ দেহত কোভিড-১৯, জিলাখনত আক্ৰান্তৰ সংখ্যা ৭৮ জনলৈ বৃদ্ধি…

asomiyapratidin

ডিজিটেল সংবাদ, দক্ষিণ শালমাৰাঃ দক্ষিণ শালমাৰা-মানকাচৰ জিলাত সোমবাৰে পুনৰ আন তিনিজন লোকৰ দেহত কোৰোনা ভাইৰাছৰ উপস্থিতি ধৰা পৰাত জিলাখনত আক্ৰান্তৰ সংখ্যা ৭৮ জনলৈ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। সোমবাৰে কোৰোনাত আক্ৰান্ত হোৱা লোক কেইজন ক্ৰমে- জিলাখনৰ সুখচৰ থানা এলেকাৰ খলিচামাৰী গাঁৱৰ ছোয়েদ হুছেইনৰ পুত্ৰ ছফিকুল ইছলাম (২২), দক্ষিণ শালমাৰা থানা এলেকাৰ ফেকামাৰী গাঁৱৰ হুছেইন সেখৰ পুত্ৰ মুস্তাক সেখ (১৫) আৰু পানবাৰী গাঁৱৰ আজিম উদ্দীনৰ পুত্ৰ আৰোজ উদ্দীন।

ছফিকুল ইছলাম গুজৰাটৰ পৰা আহি হাটশিঙিমাৰী ছোৱালী হোষ্টেলত কোৱাৰেন্টাইনত থকাৰ লগতে মুস্তাক আলী যোৰহাটৰ পৰা আহি নিজৰ ঘৰতে হোম কোৱাৰেইন্টাইন হৈ আছিল। একেদৰে আৰোজ উদ্দীন নিজে ছোৱাব পৰীক্ষা কৰাত তেওঁৰ দেহত ধৰা পৰে কোৰোনা ভাইৰাছৰ অৱস্থিতি।

জিলাখনত বৰ্তমানলৈকে মুঠ ৭৮ গৰাকী লোক কোৰোনা ভাইৰাছত আক্ৰান্ত হোৱাৰ বিপৰীতে ৬২ জন আক্ৰান্ত ৰোগী সুস্থ্য হৈ উঠিছে। আনহাতে বাকী ১৬ জন আক্ৰান্ত ৰোগী এতিয়াও জিলাৰ সদৰস্থিত হাটশিঙিমাৰী অসামৰিক চিকিৎসালয়ত ভৰ্তি হৈ আছে। ইফালে, জিলাখনত মুঠ ৭ টা ৰেপিড টেষ্ট চেণ্টাৰত ৰেপিট টেষ্ট চলি আছে। বৰ্তমানলৈকে মুঠ ২২২৭ জন লোকক ৰেপিড টেষ্ট কৰা হৈছে। ইয়াৰে ৩ জনৰ দেহত কোভিড-১৯ পজিটিভ ধৰা পৰিছে।

মন কৰিবলগীয়া যে, জিলাখনৰ সদৰ হাটশিঙিমাৰীত থকা জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সম্মুখত থকা চাহ দোকান এখনৰ কৰ্মচাৰী যোৱা শনিবাৰে কোৰোনা ভাইৰাছত আক্ৰান্ত হোৱাৰ পাছত জিলা উপায়ুক্তৰ সম্মুখত থকা ১০-১২ টা চাহ দোকান কোন্টেইনমেণ্ট জ'ন হিচাপে ঘোষণা কৰা হয়।