অসম

পৰ্ণ চাইটত ভিডিঅ' ভাইৰেল হোৱাৰ পাছতেই ৭২ বছৰীয়া বৃদ্ধৰ আত্মহত্যা

Asomiya Pratidin

ডিজিটেল ডেস্কঃ যোৰহাটৰ ঢেকেলিয়াত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। অভিযোগ অনুসৰি এগৰাকী কলেজীয়া ছাত্ৰীয়ে বিভিন্ন লোকৰ সৈতে অসৎ কৰ্মত লিপ্ত হৈ গোপনে নিৰ্মাণ কৰে পৰ্ণ ভিডিঅ'। সেই পৰ্ণ ভিডিঅ'বোৰ বিভিন্ন পৰ্ণ চাইটত আপলোড কৰে যুৱতী যুৱতী গৰাকীয়ে।

কলেজীয়া গৰাকীয়ে গাঁৱৰে এজন প্ৰায় ৭২ বছৰীয়া লোকৰ সৈতে গোপন সম্পৰ্ক স্থাপন কৰি গোপনে ভিডিঅ' প্ৰস্তুত কৰি পৰ্ণ ছাইটত আপলোড কৰে। পৰৱৰ্তী সময়ত ভাইৰেল হৈ পৰে সেই ভিডিঅ।

যেতিয়া সেই বৃদ্ধলোক জনে ভিডিঅটো দেখা পাই তেতিয়া তেওঁ মানসিক অশান্তিত শুকুৰবাৰে সন্ধিয়া আত্মহত্যা কৰে । ইয়াৰ পাছতে উত্তপ্ত হৈ পৰে অঞ্চলটো।

গাঁৱৰ মহিলা সকল ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰে। ইতিমধ্যে পুলিবৰ আৰক্ষীয়ে আটক কৰিছে যুৱতী গৰাকীক। জানিব পৰা মতে বৃদ্ধগৰাকীৰ সৰুতে পিতৃ-মাতৃক হেৰুৱাইছিল। আত্মীয়ই কোৱাৰ পাছতো তেওঁ বিয়া পতা নাছিল।

এই ঘটনাৰ উচিত তদন্ত বিচাৰিছে ৰাইজে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।