অসম

নিজৰ চোতালতে শূণ্য দুৰত্বৰ পৰা গুলীয়াই হত্যা নগাঁৱৰ প্ৰাক্তন সেনা জোৱানক

asomiyapratidin

ডিজিটেল সংবাদ, নগাঁওঃ অপৰাধীৰ ৰম্যভূমিত পৰিণত হোৱা নগাঁৱত সোমবাৰে সন্ধিয়া দুৰ্বৃত্তৰ গুলীচালনাত এজন লোকৰ মৃত্যু ঘটে৷ দুৰ্বৃত্তৰ গুলীত নিহত হোৱা লোকজন সেনাবাহিনীৰ প্ৰাক্তন কৰ্মী দ্বিপেন নাথ (৪২) বুলি জানিব পৰা গৈছে৷

জানিব পৰা মতেম নগাঁও জিলাৰ ননৈ আৰক্ষী চকীৰ অন্তৰ্গত খাটৰ গাঁৱৰ নিৱাসী দ্বিপেন নাথে সোমবাৰে সন্ধিয়া নিজৰ ঘৰৰ চোতালত বহি থাকোতে এখন পালছাৰ বাইকত দুজন যুৱকে আহি লোকজনক চোতালতে শূণ্য দূৰত্বৰ পৰা গুলীয়াই হত্যা কৰে৷

প্ৰত্যক্ষদৰ্শীৰ ভাষ্য অনুসৰি, সন্ধিয়া প্ৰায় সাত বজাত যুৱক দুজনে ক্ষন্তেক সময় দ্বিপেন নাথৰ চোতালত ৰৈ কথা পতাৰ পিছতে গুলীচালনা কৰে৷ যাৰ ফলত লোকজনৰ থিতাতে মৃত্যু ঘটে৷

চাৰি বছৰ পূৰ্বে সেনাৰ চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰা নাথে ডাম্পাৰ ভাড়ালৈ দিয়াৰ ব্যৱসায় কৰাৰ লগতে স্থানীয় শ'লমাৰী বজাৰৰ এজন মহলদাৰ আছিল বুলি জানিব পৰা গৈছে৷

ইফালে, ঘটনা সংঘটিত হোৱাৰ পিছতে আৰক্ষীৰ দল উপস্থিত হৈ ঘটনাৰ তদন্ত আৰম্ভ কৰে৷ আৰক্ষীয়ে জনোৱা মতে, দুৰ্বৃত্তই এএছ-০২ জে-৭৭২৯ নম্বৰৰ মটৰ চাইকেলখন ব্যৱহাৰ কৰিছিল আৰু উক্ত নম্বৰটো জনৈক সঞ্জয় সাহাৰ নামত পঞ্জীয়ন হৈ আছে।

উল্লেখ্য যে, নগাঁৱত শেহতীয়াভাৱে অবৈধ অস্ত্ৰ অপৰাধীৰ হাতে হাতে হৈ পৰাত জনসাধাৰণ চিন্তিত হৈ পৰিছে৷ অপৰাধৰ ঘটিলৈ পৰিণত হোৱা নগাঁও জিলাত অপৰাধ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত আৰক্ষীৰ ভূমিকা পুতৌজনক বুলি নগাঁওবাসীয়ে অভিযোগ উত্থাপন কৰি আহিছে৷