অসম

অভয়াপুৰী মালেগড়ত পানীৰ সোঁতে উটুৱাই নিলে এজনক

asomiyapratidin

ডিজিটেল সংবাদ, বঙাইগাঁওঃ ৰাজ্যৰ সৰ্বত্ৰে বান তাণ্ডৱ অব্যাহত থকাৰ সময়তে বুধবাৰে সন্ধিয়া অভয়াপুৰীৰ মালেগড়ত বাঢ়নী পানীত উটি গ'ল এজন লোক। জানিব পৰা মতে, সন্ধিয়া প্ৰায় ৮.৩০ বজাত মালেগড়ৰ দয়াল দাস (৩৫) নামৰ ব্যক্তিজনে নিজ গৃহৰ পৰা মালেগড় বজাৰলৈ গড়কপ্তানী পথেৰে গৈ থকা অৱস্থাত পানীৰ কোবাল সোঁতে উটুৱাই নিয়ে৷

ইফালে লোকজন বাঢ়নী পানীৰ কোবাল সোঁতত সন্ধানহীন হোৱাৰ পিছতে স্থানীয় লোকে উদ্ধাৰৰ বাবে চেষ্টা চলায় যদিও বৰ্তমানলৈকে লোকজনক কোনো সন্ধান লাভ কৰিবলৈ সক্ষম হোৱা নাই স্থানীয় ৰাইজে। লোকজন সন্ধানহীন হোৱাৰ পিছতে অঞ্চলটোত শোকাকুল পৰিস্থিতিৰ সৃষ্টি হৈছে। ঘটনা সন্দৰ্ভত যোগীঘোপা আৰক্ষীক অৱগত কৰিছে স্থানীয় লোকে।