অসম

শিলচৰত ৬০ লাখ টকা মূল্যৰ নিচাজাতীয় টেবলেট জব্দ, ৩জনক গ্ৰেপ্তাৰ

asomiyapratidin

ডিজিটেল সংবাদ, শিলচৰঃ কাছাৰত পুনৰ জব্দ বুজণ পৰিমাণৰ নিচা জাতীয় টেবলেট৷ লক্ষীপুৰ মহকুমা আৰক্ষী বিষয়া অনুৰাগ শৰ্মা, শিলচৰৰ ডিএছপি ঐশ্চৰ্য জীৱন বৰুৱা আৰু তাৰাপুৰ আৰক্ষীয়ে গোপন তথ্যৰ ভিত্তিত অভিযান চলাই শিলচৰ চিৰুকান্দিৰ পৰা জব্দ কৰে টেবলেটখিনি৷ এখন বাহনত লৈ যোৱা অৱস্হাত জব্দ কৰা হয় ৩০ হাজাৰ ম্যানমাৰত প্ৰস্তুত কৰা ডব্লিউ ৱাই টেবলেট।

১৫০টা পেকেটত আনিছিল নিচা জাতীয় টেৱলেটখিনি৷ টেবলেটখিনিৰ বজাৰ মূল্য প্ৰায় ৬০ লাখ টকা বুলি সদৰি কৰিছে আৰক্ষীয়ে৷ টেবলেটখিনিৰ সৈতে ৩ জন ড্ৰাগছ ব্যৱসায়ীকো গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে৷ ধৃত লোককেইজন অজিত সিংহ, শ্বাহ আলম আৰু মিঠু আহমেদ৷

ধৃত লোককেইজনৰ পৰা এএছ-১১চিচি-১৯৫৮ নম্বৰৰ এখন হুণ্ডাই ইয়ন, এএছ-১১-এম-০৩০৬ আৰু এএছ-১১-এল-৭০১২ নম্বৰৰ দুখন বাইক জব্দ কৰা হয়৷ সম্প্ৰতি তাৰাপুৰ আৰক্ষী চকীত জেৰা কৰি থকা হৈছে ধৃত লোক কেইজনক৷