অসম

১৯৭০ চনতেই চৰকাৰে নিষিদ্ধ কৰা নিচাযুক্ত টেবলেটসহ লামডিঙত যুৱক আটক

asomiyapratidin

ডিজিটেল সংবাদ, লামডিংঃ ৰে'ল আৰক্ষীৰ চকুৰ আগতেই ডিমাপুৰৰ পৰা নিতৌ সৰবৰাহ হৈ আছে নিচাযুক্ত দ্ৰৱ্য। ১৯৭০ চনতেই চৰকাৰে নিষিদ্ধ কৰা 'য়াবা' নামৰ নিচাযুক্ত টেবলেট বৰ্তমান বজাৰত উপলব্ধ৷ অপৰাধৰ ৰম্যভূমি বুলিখ্যাত ডিমাপুৰৰ পৰা প্ৰতিদিনেই ৰে'লৰ জড়িয়তে এতিয়া সৰবৰাহ হৈছে হাজাৰ হাজাৰ এনেধৰণৰ নিচাযুক্ত ঔষধ৷

দেওবাৰে লামডিঙত বৃহৎ পৰিমাণৰ নিচা জাতীয় টেবলেট সহ এজন যুৱক আটক হোৱাৰ পিচত এই কথা পোহৰলৈ আহিছে৷ নামনিমুৱা ডিমাপুৰ গুৱাহাটী বিজি এক্সপ্ৰেছ ৰে'লখনৰ পৰা লামডিং আৰ পি এফৰ চি আই বি আৰু চি পি ডি এচে যৌথ অভিযান চলাই জব্দ কৰে প্ৰায় ৩০০০ টা 'য়াবা' নামৰ নিষিদ্ধ টেবলেটৰ ষ্ট্ৰীপ৷

ডিমাপুৰৰ পৰা লামডিং হৈ কৰিমগঞ্জলৈ নিয়াৰ পথত লামডিঙত আৰক্ষীয়ে টেবলেটখিনি জব্দ কৰাৰ লগতে এজন যুৱকক আটক কৰে৷ আটক কৰা যুৱকজন কৰিমগঞ্জৰ ফৌইজ আহমেদ বুলি জানিব পৰা গৈছে৷ যুৱকজনে কৌশলেৰে পেন্টৰ ভিতৰত টেবলেট খিনি লুকুৱাই আনিছিল। উল্লেখ্য যে, ১৯৭০ চনতে নিষিদ্ধ কৰা এই টেবলটো বৰ্তমানেও থাইলেণ্ড বা ম্যানমাৰৰ পৰা অসমৰ বিভিন্ন স্থান তথা বহিঃৰাজ্যলৈ ডিমাপুৰৰ নিচাযুক্ত ঔষধ ব্যৱসায়ীৰ জৰিয়তে সৰবৰাহ হৈ আছে। লামডিং আৰ পি এফৰ চি আই বি আৰু চি পি ডি এচৰ দলে ফৌইজ আহমেদক সোধ পোছ অব্যাহত ৰাখিছে৷