অসম

গোলাঘাটৰ নাওজানত ডিটেনচন কেম্পলৈ প্ৰেৰণ এজনক

asomiyapratidin

ডিজিটেল সংবাদ, সৰুপথাৰঃ বিদেশী ন্যায়াধীকৰণে ইতিমধ্যে বিদেশী ঘোষণা কৰা ধনশিৰি মহকুমাৰ নাওজান ২ নং কৈৰিগাঁৱৰ আলি বক্সৰ পুত্ৰ ইদ্ৰিছ আলিক বুধবাৰে আৰক্ষীয়ে আটক কৰি ডিটেনচন কেম্পলৈ প্ৰেৰণ কৰাৰ বাতৰি পোৱা গৈছে। জনা মতে ২০১৮ চনৰ কেইবাটাও শুনানীত ইদ্ৰিছ আলিক উপস্থিত নথকাত আদালতে গ্ৰেপ্তাৰৰ বাবে নিৰ্দেশ দিয়ে।

বুধবাৰে সীমা আৰক্ষীৰ এটা দলে ইদ্ৰিছ আলিক গ্ৰেপ্তাৰ কৰি যোৰহাটৰ ডিটেনচন কেম্পলৈ লৈ যায়। আনহাতে ঠেলা চলাই জীৱন নিৰ্বাহ কৰা ইদ্ৰিছ আলিয়ে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ অহা সময়তহে জানিব পাৰে তেওঁক বিদেশী ন্যায়ধীকৰণে বিদেশী ঘোষণা কৰা বুলি।