অসম

দুৰাৰোগ্য ব্যাধিত আক্ৰান্তলৈ ‘কৰুণাধাৰা’ৰ সাহায্য…

asomiyapratidin

ডিজিটেল সংবাদ, মঙলদৈঃ প্ৰতিদিনাই ৰাজ্যত বৃদ্ধি পাবলৈ ধৰিছে কোৰোনাৰ সংক্ৰমণ। ৰাজ্যৰ আন প্ৰান্তৰ লগতে দৰং জিলাতো কোৰোনাত আক্ৰান্ত হৈছে বহু সংখ্যক লোক। তাৰ মাজতে কৰুণাধাৰা ন্যাসৰক্ষী সমিতিৰ অন্তৰ্ভুক্ত দৰং জিলা সহায়ক সমিতিয়ে মঙলবাৰে তিনিজন ৰোগাক্ৰান্ত ব্যক্তিলৈ আগবঢ়াইছে ৩২৫০০ টকা।

জানিব পৰা মতে, 'কৰুণাধাৰা' দৰং জিলা সহায়ক সমিতিৰ সম্পাদক গণেশ দত্ত আৰু সহকাৰী সম্পাদক শেখৰ মজুমদাৰে মঙলদৈ য়ুথ ক্লাবত মঙলবাৰে দিনৰ ১২ বজাত ছিপাঝাৰ গৰুখুটী নিবাসী, খেতিয়ক হৰেন্দ্ৰ নাথক ১১৫০০ টকা, হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ্থী নয়নজ্যোতি নাথক ১২ হাজাৰ টকা আৰু ঢেঁকীপাৰাৰ ক্ষুদ্ৰ ব্যৱসায়ী মিত্ৰদেৱ শৰ্মাক প্ৰদান কৰে ৯ হাজাৰ টকাৰ চেক। দুৰাৰোগ্য ব্যাধিত আক্ৰান্ত সকললৈ কৰুণাধাৰা ন্যাসৰক্ষী সমিতিয়ে এনেদৰে আৰ্থিক সাহাৰ্য্য আগবঢ়োৱাত সকলোৱে প্ৰশংসা কৰিছে।